উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী চলচিত্ৰ সংস্থা গুৱাহাটী চিনে ক্লাৱে ১১ তম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আয়োজন কৰিছে

1 min read

উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী চলচিত্ৰ সংস্থা গুৱাহাটী চিনে ক্লাৱে বিগত বৰ্ষৰ দৰে এইবাৰো ১১ তম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আয়োজন কৰিছে আৰু এই আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ অহা ৭ ডিচেম্বৰৰ পৰা ১৪ ডিচেম্বৰলৈকে কামৰূপ মহানগৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হব ।

জাপান ,জাৰ্মান,কোৰিয়া , চীন ,বাংলাদেশ, নৰৱে, আফগানিস্তানকে ধৰি মুঠ ২৮ খন দেশৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰও
চুটি ছবি প্ৰদৰ্শিত কৰা এই আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত। প্ৰতি বছৰৰ দৰে এই বছৰো
চুটি চলচ্চিত্ৰ প্ৰতিযোগীতা অনুষ্ঠিত কৰা হৈছে, ইচ্ছুক চলচ্চিত্ৰ নিৰ্মাতা সকলে ১৫ মিনিট দৈৰ্ঘ্যৰ চুটি চলচ্চিত্ৰ দি অংশগ্ৰহণ কৰিব পাৰিব। অনলাইন যোগে চুটি চলচ্চিত্ৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ অন্তিম দিন ৩০ নবেম্বৰ ২০১৮। এই চলচিত্ৰ মহোৎসৱত প্ৰতিদিনে ছবি প্ৰদৰ্শনৰ সময় তালিকা হল ১১ বজা, ২ বজা, সন্ধিয়া ৪ বজা আৰু ৬ বজা । অধিক তথ্য তথা সবিশেষ জানিবৰ বাবে ৩০ নৱেম্বৰ ভিতৰত 9435343274, 9864821210 আৰু 700203334 নম্বৰত যোগাযোগ কৰক । অনলাইন যোগে অংশগ্রহণ কৰিবলৈ- http://bit.do/gffshort সংযোগত প্ৰ-পত্ৰ পূৰ্ণ কৰি ৫০০ টকা মাচুল আদায়ৰে প্ৰেৰন কৰিব পাৰিব।

গুৱাহাটী চিনে ক্লাৱৰ সদস্যৰ বাহিৰে আন চলচিত্ৰ প্ৰেমী ৰাইজে উৎসৱ উপভোগ কৰিবলৈ ডেলিগেট কাৰ্ড সংগ্ৰহ কৰিব লাগিব। ডেলিগেট কাৰ্ডৰ বাবে মাচুল ৩০০ টকা আৰু ছাত্ৰ ছাত্ৰীৰ বাবে মাচুল ২০০ টকা। ডেলিগেটৰ বাৱে bit.do/gffdelegate সংযোগত প্ৰ-পত্ৰ পূৰ্ণ কৰি প্ৰেৰণ কৰিব পাৰিব।

মহোৎসৱৰ লগত সংগতি ৰাখি গুৱাহাটী চিনে ক্লাবৰ মুখপত্ৰ “চিত্ৰচিন্তা” ৰ বছেৰেকীয়া সংকলনটো প্ৰকাশ কৰা হব। ইয়াৰ লগতে চুটি ছবি বাছনি কৰা প্ৰতিযোগীতাত বাছনি কৰা ছবি সমূহ প্ৰদৰ্শিত কৰা হব আৰু পুৰস্কৃত চাৰিখন ছবিক বটাঁ প্ৰদান কৰা হব বুলি গুৱাহাটী চিনে ক্লাবৰ উপ-সভাপতি মৃগেন দাসে প্ৰেছ বিজ্ঞপ্তি যোগে সদৰি কৰে।

অফলাইনযোগে চুটিছবিৰ প্ৰ-পত্ৰ গ্ৰহন ২৭ আৰু ২৮ নবেম্বৰৰ সন্ধিয়া ৪টাৰ পৰা ৭টা বজা পৰ্যন্ত গুৱাহাটী চিনে ক্লাবৰ পাণবজাৰস্থিত কার্যালয়ত লোৱা হব।

Online Media Partner : Guwahati Times গুৱাহাটী টাইমচ #guwahatitimes #gauhaticineclub #gff2018 #gff #guwahati

You May Also Like

More From Author