Site icon Guwahati Times

অবৈধ প্ৰেম, ২২ লাখ টকা আৰু এটা নৃশংস হত্যাকাণ্ড!

শশাংক কটকীৰ হত্যাকাণ্ডৰ সৈতে নাম সাঙোৰ খোৱা জীম ট্ৰেইনাৰ দিপাংকৰ বৰাক আজি আদালতত হাজিৰ কৰালে আৰক্ষীয়ে৷ শশাংক বৰাৰ হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰিছিল দিপাংকৰক৷ দিপাংকৰ বৰা শশাংকৰ পত্নী লক্ষ্যহীৰা ভূঞা কটকীৰ অবৈধ প্ৰেমিক৷ জিমত চিনাকী হৈছিল দুয়োৰে৷ আদালতে তিনিদিনৰ বাবে দিপাংকৰক আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে।

পত্নী লক্ষ্যহীৰা আৰু দিপাংকৰে মিলি শশাংকক হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ৷ শশাংকৰ পত্নী লক্ষ্যহীৰা ভূঞা কটকীক বৃহস্পতিবাৰে আদালতত হাজিৰ কৰাই ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আৰক্ষীয়ে। লক্ষ্যহীৰাৰ লগতে শশাংকৰ বন্ধু আকাশ বৰা, শশাংকু হাজৰিকা, বিপুল দাস আৰু সোণমনি দাসকো বৃহস্পতিবাৰে আদালতত হাজিৰ কৰোৱা হয় আৰু কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়৷

উল্লেখযোগ্য যে বৃহস্পতিবাৰে বিশ্বনাথৰ বুঢ়িগাং নৈত উদ্ধাৰ হৈছিল শশাংকৰ মৃতদেহ৷ শশাংকই মাটি বিক্ৰী কৰি পোৱা ২২ লাখ টকাৰ বাবেই হত্যাকাণ্ড সংঘটিত হোৱা বুলি প্ৰকাশ পৰিয়ালৰ৷ কেইদিনমান পূৰ্বে এখন চেকক লৈ শশাংক আৰু লক্ষ্যহীৰাৰ মাজত হৈছিল কাজিয়া৷ ইফালে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্তৰ দোহাই দি মুখ খোলা নাই আৰক্ষীয়ে৷ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পিছত স্পষ্ট হ’ব ঘটনাৰ আচল ৰহস্য৷

Exit mobile version