Site icon Guwahati Times

অসমত ফুলিল আফ্ৰিকাৰ বৃহৎ আকাৰৰ কাঠফুলা! মৰিয়নিত ৰাইজৰ মাজত উৎসুকতা

আফ্ৰিকা মহাদেশৰ অৰণ্যত দেখিবলৈ পোৱা বৃহৎ আকাৰৰ কাঠফুলা দেখিবলৈ পোৱা গৈছে অসমৰ এটা অঞ্চলত । মৰিয়নিৰ বাহনি অঞ্চলত দেখিবলৈ পোৱা গ’ল এপাহ বৃহৎ আকাৰৰ বিৰল প্ৰজাতিৰ কাঠফুলা । বাহনী চাহ বাগিচাৰ বুধু চন্দ্ৰ নায়ক নামৰ ব্যক্তিজনৰ ঘৰৰ বাৰীত প্ৰায় ১৫ দিনৰ পৰা ফুলি আছে এইবিধ কাঠফুলা ।

সাধাৰণতে অসমত দেখিবলৈ পোৱা কাঠফুলাসমূহ সৰু বা মধ্যমীয়া আকাৰৰ। কিন্তু বাহনি চাহ বাগিচাৰ বুধু চন্দ্ৰ নায়কৰ বাৰীত ফুলা বৃহৎ আকাৰৰ কাঠফুলাটোক লৈ ৰাইজৰ মাজত উৎসুকতাৰ সৃষ্টি হৈছে । বৃহৎ আকাৰৰ কাঠফুলাটো চাবলৈ ব্যক্তিগৰাকীৰ বাৰীত ভিৰ কৰিছে বিভিন্ন প্ৰান্তৰ লোকে।
একাংশ লোকে কাঠফুলাটোক ধূপ-নৈবেদ্যৰে পূজা কৰাও পৰিলক্ষিত হৈছে । আনহাতে বৃহৎ আকাৰৰ কাঠফুলাবিধ কোন প্ৰজাতিৰ বা ইয়াৰ বৈজ্ঞানিক নাম কি আৰু অসমৰ অৰণ্য সমুহত সততে দেখিবলৈ পোৱা এইবিধ কাঠফুলা হয়নে নহয় এই বিষয়ে উদ্ভিদ বিজ্ঞানীৰ পৰাহে প্ৰকৃত উত্তৰ পোৱা যাব ।

Exit mobile version