Site icon Guwahati Times

অহা সপ্তাহত জন্মাষ্টমী! কিমান সময়ত মিলিব পুণ্যতিথি, কেতিয়া পূজাৰ শুভ মুহূৰ্ত, জানক সবিশেষ

পবিত্ৰ ভাদ মাহৰ অন্যতম পবিত্ৰ তিথি কৃষ্ণ জন্মাষ্টমী অহা সপ্তাহত উদযাপন কৰা হ’ব। এই তিথিত ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল বুলি বিশ্বাস কৰা হয়।

ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত জন্মাষ্টমী পালন কৰা হয়। জনবিশ্বাস অনুসৰি, এই তিথিতে ৰোহিনী নক্ষত্ৰত ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল।

অসমীয়া পঞ্জিকা অনুসৰি, এইবাৰ জন্মাষ্টমী তিথি ৬ ছেপ্টেম্বৰ, বুধবাৰে বিয়লি ৩.৩৭ বজাৰ পৰা আৰম্ভ হ’ব।

জন্মাষ্টমী তিথি অহা ৭ ছেপ্টেম্বৰ বৃহস্পতিবাৰৰ বিয়লি ৪.১৪ বজালৈকে থাকিব। ফলত ভক্তসকলে দীৰ্ঘসময় ধৰি এই মহা পাৰ্বণ পালন কৰিব পাৰিব।

সাধাৰণতে জন্মাষ্টমী নিশা উদযাপন কৰা হয়। এইবাৰ ৰোহিনী নক্ষত্ৰ ৬ ছেপ্টেম্বৰৰ পুৱা ৯.২০ বজাৰ পৰা ৭ ছেপ্টেম্বৰৰ পুৱা ১০.২৫ বজালৈকে থাকিব। সেয়েহে অষ্টমী তিথি আৰু ৰোহিনী নক্ষত্ৰৰ অন্ত পৰাৰ বাবে ৬ ছেপ্টেম্বৰত অধিকাংশ ভক্তই জন্মাষ্টমী উদযাপন কৰিব।

এইবাৰ জন্মাষ্টমী তিথিৰ শুভ মুহূৰ্ত বুধবাৰে নিশা ১১.৫৭ বজাৰ পৰা আৰম্ভ হ’ব আৰু মাজনিশা ১২.৪২ বজাত কৃষ্ণৰ জন্মৰ সময় পালন কৰা হ’ব।

অস্বীকাৰ: এই প্ৰতিবেদন কেৱল সাধাৰণ তথ্যৰ বাবেহে, গতিকে সবিশেষৰ বাবে সদায় বিশেষজ্ঞৰ পৰামৰ্শ লওক।

Exit mobile version