Site icon Guwahati Times

অহা ২২ জানুৱাৰীত ৰাম মন্দিৰ মুকলি উপলক্ষে অসমত ‘ড্ৰাই ডে’ ঘোষণা

অসম কেবিনেটৰ অন্তত দেওবাৰে সাংবাদিকক সম্বোধন কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। সাংবাদিকক সম্বোধন কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কেবিনেটে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ সদৰি কৰে। অসম কেবিনেটৰ সিদ্ধান্ত অনুসৰি, মিছিং, ৰাভা, তিৱা জনগোষ্ঠীৰ পাৰিষদক সাংবিধানিক মৰ্যাদাৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ অনুমোদন পঠিওৱাৰ প্ৰস্তাৱ লোৱা হয়। মুখ্যমন্ত্ৰীৰ ‘উদ্যমিতা’ নামৰ এখন আঁচনি ৰূপায়ণৰ সিদ্ধান্ত। এই আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ মহিলাক প্ৰাৰম্ভিকভাৱে ১০ হাজাৰ, দ্বিতীয় পৰ্য্যায়ত ২৫ হাজাৰ টকা প্ৰদান কৰা হ’ব আৰু তৃতীয় পৰ্যায়ত ৫০ হাজাৰ টকাৰ ঋণ প্ৰদান কৰা হ’ব। ২৫ হাজাৰ টকাত ১২ হাজাৰ টকা ৰাজ সাহাৰ্য্য লাভ কৰিব আৰু ৫০ হাজাৰ টকাৰ ঋণৰ সকলো সুত ৰাজ্য চৰকাৰে বহন কৰিব। ৰাজ্যৰ ৩৯ লাখ মহিলা লাভাম্বিত হ’ব এই আঁচনিৰ দ্বাৰা। আগন্তুক ১৬ জানুৱাৰীৰ পৰা এই আঁচনিৰ প্ৰ-পত্ৰ প্ৰদান কৰা হ’ব। এমাহৰ ভিতৰত প্ৰ-পত্ৰ সংগ্ৰহ কৰি জমা দিব লাগিব।

Exit mobile version