আকৌ চাডেন ভিজিট প্ৰমোদ বড়োৰ, কোকৰাঝাৰ চহৰৰ ব্যৱস্থাপনাক লৈ অসন্তুষ্টি

0 min read

বিটিচিৰ মুখ্য কাৰ্যবাহী হিচাপে দায়িত্বভাৰ লৈয়ে প্ৰমোদ বড়োই চাডেন ভিজিট আৰম্ভ কৰিছে । আজি কোকৰাঝাৰ পৌৰসভাৰ কাৰ্যালয়ৰ লগতে কোকৰাঝাৰৰ নলাসমুহ পৰিদৰ্শন কৰি হতবাক হৈ পৰে । কাৰ্যবাহী সদস্য ক্ৰমে ৰঞ্জিত বসুমতাৰী , উকিল মুছাহাৰীক লৈ বিভিন্ন স্থান পৰিদৰ্শন কৰাৰ অন্তত কোকৰাঝাৰ আৱৰ্ত ভৱনত সংবাদ মাধ্যমৰ আগত কোকৰাঝাৰ সদৰ চহৰৰ ব্যৱস্থাপনাক লৈ অসন্তুষ্টি প্ৰকাশ কৰে ।

পৌৰসভাত একোৱেই নাই বুলি মন্তব্যৰে শান্তিৰ চহৰ হিচাপে কোকৰাঝাৰ পৰিষ্কাৰ আৰু পৰিচ্ছন্ন হব লাগিব । তদুপৰি কৃত্ৰিম বানপানীৰ পৰা মুক্ত কৰিব লাগিব কোকৰাঝাৰ সদৰ চহৰক । চহৰত পুথিভঁৰাল , ইণ্ডোৰ ষ্টেডিয়াম , প্ৰেক্ষাগৃহৰ প্ৰয়োজন আছে বুলি মন্তব্যৰে কোকৰাঝাৰ চহৰক জাকত জিলিকা কৰি তুলিবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰা হব বুলি মন্তব্য কৰিছে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই ।

You May Also Like

More From Author