Site icon Guwahati Times

আজিৰে পৰা অসমৰ এই দুই জিলাত কোভিড ভেকচিনৰ ড্ৰাই ৰান

আজিৰে পৰা দেশত আৰম্ভ হ’ব কোভিড–১৯ ভেকচিনৰ ড্ৰাই ৰান বা টিকাকৰণৰ অনুশীলন। অসমৰ দুখন জিলাতো আৰম্ভ হ’ব এই ড্ৰাই ৰান। নলবাৰী আৰু শোণিতপুৰ জিলাত চলিব কোভিড ভেকচিনৰ ড্ৰাই ৰান। সোমবাৰ আৰু মঙলবাৰে অসমত চলিব কোভিড ভেকচিনৰ টিকাকৰণৰ অনুশীলন। এই কথা এক বিবৃতিযোগে জনাইছে স্বাস্থ্য মন্ত্ৰণালয়ে।

অসমৰ উপৰি অন্ধ্ৰ প্ৰদেশ, গুজৰাট আৰু পঞ্জাবৰ দুখন জিলাত আৰম্ভ কৰা হ’ব কোভিড ভেকচিনৰ ড্ৰাই ৰান বা টিকাকৰণৰ অনুশীলন। সংবাদ মাধ্যত প্ৰকাশিত খবৰ অনুসৰি, এই ড্ৰাই ৰানত কোনো ভেকচিনৰ ব্যৱহাৰ নহয়, ইয়াৰ বিপৰীতে Co-Win এপৰ জৰিয়তে নিৰীক্ষণহে হ’ব।

কোভিড-১৯ প্ৰতিষেধকৰ টিকাকৰণ কাৰ্যসূচীৰ ৰূপায়ণৰ বাবে ২,৩৬০জন স্বেচ্ছাসেৱকক দিয়া হৈছে প্ৰশিক্ষণ।

Exit mobile version