Site icon Guwahati Times

আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস ! আপুনি ওজন হ্ৰাসৰ বাবে এই ৫টা হাৰ্বেল চাহ পান আৰম্ভ কৰক

পানীৰ পিছত চাহ হৈছে পৃথিৱীৰ দ্বিতীয় সৰ্বাধিক খোৱা পানীয়। উত্তৰ ভাৰত, উত্তৰ ম্যানমাৰ আৰু দক্ষিণ-পশ্চিম চীনক চাহৰ উৎপত্তিৰ স্থান বুলি গণ্য কৰা হয়। বহুতো সৰু আৰু ডাঙৰ পৰিয়াল চাহ খেতিৰ সৈতে জড়িত। চাহৰ ব্যৱহাৰ আৰু চাহিদা বৃদ্ধিৰ ওপৰত গুৰুত্ব দিবলৈ প্ৰতি বছৰে ২১ মে’ত আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস পালন কৰা হয়। আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ উদ্দেশ্য হৈছে চাহৰ উৎপাদন বৃদ্ধি কৰা আৰু ইয়াৰ বিষয়ে সজাগতা বিয়পোৱা।

ওজন হ্ৰাস কৰাৰ বাবে এণ্টি-অক্সিডেণ্টসমৃদ্ধ সেউজীয়া চাহ (Green Tea) পান কৰিব পাৰে। গ্ৰীন টিত কেটেচিন থাকে যিয়ে চৰ্বিকোষ হ্ৰাস কৰে আৰু দেহৰ চৰ্বি কমোৱাত সহায় কৰে। এই চাহ দিনত ২বাৰ কৈ পান কৰিব পাৰি।

জাৰণ প্ৰক্ৰিয়াৰ (Oxidization process) মাজেৰে যোৱাৰ পিছত ক’লা চাহ সচৰাচৰ উৎপন্ন হয়। এই চাহে ওজন হ্ৰাসত ভাল প্ৰভাৱ পেলায়। আপুনি দিনে ২ৰ পৰা ৩ কাপ ক’লা চাহ খাব পাৰে। ইয়ে আপোনাৰ পেট আৰু কঁকালৰ চৰ্বি হ্ৰাস কৰিবলৈ সহায় কৰিব।

এই ভেষজ চাহ (Herbal Tea) ঘৰত তৈয়াৰ কৰিব পাৰি। ইয়াৰ বাবে, আপুনি কেঁচা হালধি সৰু সৰু টুকুৰাত কাটি একাপ পানীত দি উতলাব। আপুনি ইয়াত সাধাৰণ চাহ পাতৰ অলপ যোগ দিব পাৰে। আপোনাৰ হালধি ভেষজ চাহ প্ৰস্তুত হৈ যাব। ইয়াক পান কৰক। এই চাহ পান কৰিলে উচ্চ কলেষ্টেৰল হ্ৰাস কৰিব হোৱাৰ লগতে ওজন হ্ৰাস আৰু ৰক্ত শৰ্কৰাৰ স্তৰ হ্ৰাস কৰাত সহায় কৰিব।

তুলসী হাৰ্বেল চাহ তুলসীৰ পাতৰ পৰা তৈয়াৰ কৰা হয়। সাধাৰণ চাহ পাতৰ সৈতে তুলসীৰ পাত যোগ দি বা ক’লা চাহত কিছু তুলসীৰ পাত যোগ দি এই চাহ ৰান্ধিব পাৰে। এই চাহ বিপাকৰ (Metabolism) বাবে বিশেষভাৱে ভাল বুলি প্ৰমাণিত হয়।

ওলোং চাহ হৈছে চীনৰ পৰম্পৰাগত চাহ। ইয়াৰ সুগন্ধি ফলযুক্ত আৰু সোৱাদ সাধাৰণ চাহতকৈ বহুত বেলেগ। শৰীৰৰ বিপাক (Metabolism) উন্নত কৰিবলৈ আৰু চৰ্বি দহন শক্তি বৃদ্ধি কৰিবলৈ ওলং চাহ খোৱা ভাল।

Exit mobile version