Site icon Guwahati Times

আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন

আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন। প্ৰধানমন্ত্ৰীগৰাকীয়ে জীৱনৰ ৭৩টা বসন্ত অতিক্ৰম কৰি আজি ৭৪ত ভৰি দিলে।

১৯৫০ চনৰ ১৭ ছেপ্তেম্বৰত জন্মগ্ৰহণ কৰিছিল নৰেন্দ্ৰ মোডীয়ে। আজিৰ এই দিনটোত বিভিন্ন কাৰ্যসূচীৰে লগতে দুসপ্তাহ ধৰি পালন কৰা হ’ব ‘সেৱা পষেক।’ প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে বিভিন্ন জনাইছে শুভেচ্ছা।

ইফালে বিজেপি দলৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা হৈছে বিশেষ অনুষ্ঠান। আনহাতে গৃহৰাজ্য গুজৰাটত লোৱা হৈছে বিশেষ পদক্ষেপ। ৰাজ্যখনৰ ৩০ হাজাৰ ছাত্ৰীৰ বাবে মুকলি কৰা হ’ব বেংক একাউণ্ট। যাতে এইসকল ছাত্ৰীয়ে ‘সুকন্যা সম্বৃদ্ধি যোজনা’ত অন্তৰ্ভুক্ত হ’ব পাৰে তাৰ বাবে লোৱা হৈছে এই পদক্ষেপ।

Exit mobile version