আজি পহিলা ব’হাগ, ৰাজ্যৰ চৌদিশে বিহু উদযাপনত ব্যস্ত প্ৰতিজন অসমীয়া

1 min read

আজি অৰ্থাৎ বৃহস্পতিবাৰে অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন । আজি পহিলা ব’হাগ । ৰাজ্যৰ চৌদিশে বিহু উদযাপনত ব্যস্ত ৰাজ্যবাসী । পহিলা ব’হাগৰ দিনটো মানুহ বিহু হিচাপে ৰাজ্যবাসীয়ে পালন কৰে । গৰু বিহুৰ পিছদিনা উদযাপন কৰা হয় মানুহ বিহু ।

বৃহস্পতি বাৰে পহিলা ব’হাগ বা মানুহ বিহু উপলক্ষে পুৱা মাহ-হালধিৰে গা-পা ধুই সৰুৱে ডাঙৰক সেৱা কৰে। ডাঙৰে সৰুক আশীৰ্বাদ দিয়াৰ উপৰিও বিহুৱান প্ৰদান কৰে । নতুন বছৰ উপলক্ষে আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱৰ মাজত বিহুৱান প্ৰদান কৰা হয় ।

ইফালে বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যৰ মন্দিৰ সমূহত ব্যাপক ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে । অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোত বিভিন্ন জনে বছৰটোৰ কুশল কামনা কৰি ভগবানৰ চৰনত মূৰ দোৱাই প্ৰাৰ্থনা কৰে । মহানগৰীৰ উগ্ৰতৰা দেৱালয়, কামাখ্যা, গনেশ মন্দিৰ আদিতো ভক্তৰ ভিৰ দেখা গৈছে ।

You May Also Like

More From Author