আজি মহৰম

1 min read

আজি মহৰম। একেশ্বৰবাদী মুছলমানসকলৰ এটি পবিত্ৰ উৎসৱ মহৰম। মহৰম জীৱনদান আৰু আত্মত্যাগৰ এক মহান স্মৃতিপৰ্ব। এই মহৰম মিলনৰ উৎসৱ কিন্তু সেই মিলন হাজাৰ হাজাৰ শোকাৰ্ত, অশ্ৰুসিক্ত মানবৰ হিয়া ভঙা কান্দোনেৰে বেদনাগধুৰ। মুছলমানসকলৰ তীব্ৰ বেদনাৰ স্মৃতি বিজড়িত মহৰম মাহ অতি পবিত্ৰ মাহ। এই মাহতেই মহাপুৰুষ হজৰত মহম্মদৰ আবিৰ্ভাৱ হৈছিল। মুছলমানসকলৰ বিশ্বাস যে এই মহৰম মাহতে সৃষ্টিকৰ্তা ভগৱানে পৃথিৱী সৃষ্টি কৰিছিল। ধৰ্মপ্ৰাণ হোচেনেও এই মাহতেই কাৰবালা মৰুপ্ৰান্তত অতিশয় কৰুণভাৱে সপৰিয়ালে মৃত্যুবৰণ কৰিছিল। বছৰৰো আদি মাহ মহৰম। সেইবাবে এই পবিত্ৰ মাহত অনুষ্ঠিত মহৰম এটি অতি পবিত্ৰ পৰ্ব।

মহৰমৰ তাৎপৰ্য মানেই হাছান হোচেনেৰ আত্মত্যাগৰ নিদৰ্শনৰ জীৱন্ত কাহিনীৰ ব্যাখ্যা। দুজন ধৰ্মপ্ৰাণ মুছলমানে সত্যৰ কাৰণে, ন্যায় প্ৰতিষ্ঠাৰ বাবে  আৰু ধৰ্ম ৰক্ষাৰ্থে জীৱন আহুতি দি এক মহান, অভিনৱ আদৰ্শ জগতত ৰাখি থৈ গৈছে। হাছান হোচেনো মানুহ। মানুহৰ বাবে মানুহে কৰা আত্মোৎসৰ্গ সমগ্ৰ মানৱ জাতিৰ বাবেই অনুকৰণীয়, অতুলনীয় আদৰ্শ।

মহৰমৰ এই আদৰ্শই ধৰাৰ কলুষ – কালিমা, জ্বালা – যন্ত্ৰণা, পাপ- তাপ আঁতৰাই, ধুই নিকা পৃথিৱীক পৰিণত কৰক মনোৰম তীৰ্থক্ষেত্ৰত। আজিৰ পৰাই আৰু অধিক কটকটীয়া হওক ভাতৃত্ববোধৰ এনাজৰী। গুৱাহাটী টাইমছৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰাও আমাৰ এয়া এ কামনা।

You May Also Like

More From Author