আজি লাচিত দিৱস

1 min read

আজি লাচিত দিৱস।
১৬২২ চনৰ আজিৰ দিনটোতে জন্ম গ্ৰহণ কৰিছিল জাতীয় বীৰ লাচিত বৰফুকনে।পিতৃ শুকুটী ওৰফে মোমাই তামুলী বৰবৰুৱা আৰু মাতৃ নাগেশ্বৰী আইদেউৰ সপ্তম পুত্ৰ আছিল লাচিত বৰফুকন।

যিখন শৰাইঘাটৰ ৰণত জয়লাভ কৰি লাচিত বৰফুকনে অসমীয়া জাতিৰ বীৰত্বৰ কথা বিশ্বৰ ইতিহাসত লিপিবদ্ধ কৰাৰ লগতে নিজেও কাললৈ খ্যাতি ৰাখি থৈ গ’ল, বিভিন্ন তথ্যৰ পৰা সেই ঐতিহাসিক শৰাইঘাটৰ ৰণৰ এটা গোপন ছাউনি লাচিতে হয়তো দৈয়াং-ধনশিৰি উপত্যকাতো পাতিছিল।

আজি লাচিত দিৱসৰ দিনা দেশপ্ৰেম, সাহস, পৰিশ্ৰম, বুদ্ধি, সততা, কৰ্মনিষ্ঠাৰ প্ৰতীক জাতীয় বীৰ লাচিত বৰফুকনক সুঁৱৰি গুৱাহাটী টাইমছৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰাও জনালো শ্ৰদ্ধাঞ্জলি ।

ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

You May Also Like

More From Author