Site icon Guwahati Times

আজি SITৰ সন্মুখত হাজিৰ ADCP সুকন্যা দাস,লগতে উপস্থিত কোকৰাঝাৰৰ ASP নৱনীতা শৰ্মাও

গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চৰ ADCP সুকন্যা দাসক উলুবাৰী CID কাৰ্যালয়ত হাজিৰ হৈছে। SITএ সুকন্যা দাসক আজি হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল। ইয়াৰ পূৰ্বেও হাজিৰ হোৱাৰ নিৰ্দেশ দিয়াৰ পিছতো সুকন্যা দাস SITৰ ওচৰত হাজিৰ হোৱা নাছিল। তেওঁ ব্যক্তিগত কাৰণত হাজিৰ হ’ব নোৱাৰিব বুলি হাজিৰ হ’বৰ বাবে SITৰ পৰা কিছু সময় বিচাৰিছিল।

APS গৰাকীৰ বিৰুদ্ধে APSCত বক্ৰপথে চাকৰি লোৱাৰ অভিযোগ উত্থাপন হৈছে। মন কৰিবলগীয়া যে, SITএ গুৱাহাটী ক্ৰাইম বাঞ্চৰ ADCP সুকন্যা দাসৰ পৰা ৮ খন বহী লাভ কৰিছিল আৰু ইয়াৰে দুখন বহী জাল বুলি প্রমাণিত হৈছে। আজি সুকন্যা দাসক SITএ জেৰা চলাব। লগতে CIDৰ কাৰ্যালয়ত কোকৰাঝাৰৰ ASP নৱনীতা শৰ্মাও উপস্থিত হৈছে।

আনহাতে, নিলম্বিত APS কল্যান কুমাৰ দাস APSCৰ মূল পৰীক্ষাতেই অনুতীৰ্ণ আছিল। টকাৰ বিনিময়ত নম্বৰ বঢ়াইহে কল্যান কুমাৰ দাস উত্তীৰ্ণ হৈছিল বুলি অভিযোগ উত্থাপন হৈছে।

Exit mobile version