আদিত্য খাকলাৰীক উভতি ধৰিলে ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই ।

আদিত্য খাকলাৰীক উভতি ধৰিলে ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই । শুকুৰবাৰৰ অসম বন্ধৰ বিৰোধিতা । এইবাৰ ট্ৰাইবেল সংঘৰ সম্পাদক আদিত্য খাকলাৰীক উভতি ধৰিলে ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই । বৃহস্পতিবাৰে বিয়লি নগাঁৱত এখন সংবাদমেল অনুষ্ঠিত কৰি আদিত্য খাকলাৰীক চৰকাৰৰ দালাল আখ্যা দিয়ে ছয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ নগাঁও জিলা সমিতিয়ে । লগতে ঐক্য মঞ্চই আদিত্য খাকলাৰী এণ্ড কোম্পানীয়ে শুকুৰবাৰে আহ্বান জনোৱা অসম বন্ধৰো বিৰোধিতা কৰে । নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰি ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই আদিত্য খাকলাৰীক এনে নিকৃষ্ট ষড়যন্ত্ৰৰ পৰা আঁতৰি থাকিবলৈও সকিয়নী প্ৰদান কৰে । Adil Shah Alam report, Nagaon.

Leave a Reply

Your e-mail address will not be published. Required fields are marked *

error: Content is protected !!