বহুতেই আহাৰ গ্ৰহণৰ আগে আগে বা ঠিক পিছতে চাহ খায়। কিন্তু এটা স্বাস্থ্যৰ বাবে ভাল নহয়। এনে অভ্যাসে ৰক্তহীনতাৰ আশংকা বহু খিনি বঢ়াই তোলে। ৰক্তহীনতা এতিয়া সমগ্ৰ বিশ্বৰ বাবে এক গুৰুতৰ সমস্যা হৈ থিয় দিছে। বিশেষকৈ মহিলা আৰু শিশুসকলক বেছিকৈ ৰক্তহীনতাৰ চিকাৰ হৈছে। শেহতীয়া এক সমীক্ষা অনুসৰি বিশ্বৰ মুঠ জনসংখ্যাৰ এক-চতুৰ্থাংশ লোক ৰক্তহীনতাত আক্ৰান্ত হৈছে।
আহাৰ গ্ৰহণৰ ঠিক আগে আগে বা পিছতে কিয় চাহ খাব নালাগে? জানো আহক বিশেষজ্ঞৰ মত

আক্ৰান্তসকলৰ ভিতৰত মহিলা, গৰ্ভৱতী মাতৃ, যুৱতী আৰু ৫ বছৰতকৈ কম বয়সৰ শিশুৱেই বেছি। দ্য লেঞ্চেট হেমাটোলজীত প্ৰকাশিতসমীক্ষা অনুসৰি অনুসৰি ২০২১ চনত, বিশ্বব্যাপী ১.৯২ বিলিয়ন লোক ৰক্তহীনতাৰ চিকাৰ হৈছে। ১৯৯০চনৰ পৰা ৪২০ নিযুত ৰোগী বৃদ্ধি পাইছে। ২০২১ চনত, উপ- চাহাৰা, আফ্ৰিকা আৰু দক্ষিণ এছিয়াত আটাইতকৈ বেছি ৰক্তহীনতাৰ ঘটনা পোহৰলৈ আহিছে।
মহিলা আৰু ৫ বছৰতকৈ কম বয়সৰ শিশুৰ মাজত ৰক্তহীনতা বৃদ্ধি পাইছে। বিশ্বব্যাপী, ২০২১ চনত ১৭.৫ শতাংশ পুৰুষৰ তুলনাত৩১.২ শতাংশ মহিলা ৰক্তহীনতাৰ চিকাৰ হৈছে।
শৰীৰত লোৰ পৰিমাণ বঢ়াবৰ বাবে ভিটামিন-চিযুক্ত খাদ্য যেনে আমলখি, মধুৰী, নেমুটেঙা, গজালি ওলোৱা বুট, মগুমাহ আদি প্ৰচুৰ খাব লাগে।
একেদৰে ফলিক এচিদ থকা খাদ্য যেনে পালেং শাক, খুতুৰা শাক, মাহজাতীয় খাদ্য , তিল, আটা, আদিখোৱা ভাল।
বহু আহাৰে শৰীৰত লো গ্ৰহণত বাধা দিয়ে । উদাহৰণ স্বৰূপে চাহত থকা “টেনিনে” শৰীৰে লো গ্ৰহণত বাধা দিয়ে। সেয়ে আহাৰ খোৱাৰ এঘণ্টাৰ আগত বা পাছত চাহ খালে লো গ্ৰহণত বাধা আহি পৰিব পাৰে। গৰ্ভৱতী মহিলাই পৰিমাণৰ লোযুক্ত খাদ্য খাব লাগে।
