Site icon Guwahati Times

আহি আছে জুবিনৰ দুখনকৈ বিগ বাজেটৰ চিনেমা..

আহি আছে জুবিন গাৰ্গৰ দুখনকৈ বিগ বাজেটৰ চিনেমা। এই কথা নিজেই সদৰি কৰিলে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিনে। মহানগৰীৰ আজাৰাত এখন ৰেষ্টুৰেণ্ট মুকলি কৰি সংবাদ মাধ্যমৰ নিজৰ চিনেমাক লৈ মন্তব্য কৰিলে জুবিনে।

জুবিন গাৰ্গে কয়, ‘‘মই চিনেমা বনাই আছো। অহা বছৰ দুখনকৈ ডাঙৰ চিনেমা পাব ৰাইজে। ৰাইজে মোচ ‘চিকাৰ’ত আদিবাসীৰ ৰূপত দেখিবলৈ পাব। ‘চিকাৰ’ৰ শ্বুটিঙৰ বাবে লণ্ডনলৈ যাম।’’

জুবিনৰ আনখন আহিবলগীয়া চিনেমা হ’ল ‘ৰৈ ৰৈ বিনালে’। জুবিনে কয়, মোক ‘চিকাৰ’ত বেলেগকৈ পাব, ‘ৰৈ ৰৈ বিনালে’ত বেলেগ চৰিত্ৰত পাব।’

ইফালে, দুৰ্গা পূজাৰ সজাগতা সম্পৰ্কে জুবিন গাৰ্গে কয়, ‘‘মই সকলোকে গালি পাৰো, কিন্তু মোক সকলোকে ভালে পায়। যুৱকসকলে বাইক–গাড়ী বেয়াকৈ চলায়, মই ৰখাই গালি পাৰো, কিন্তু জয় জুবিন দা বুলি কৈ গুচি যায়।’’

লগতে জুবিন গাৰ্গে সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জনায়। পূজা যাতে সকলোৰে আনন্দৰে পাৰ হয় তাৰ বাবে সকলোকে শুভকামনা জনায় জুবিন গাৰ্গে।

Exit mobile version