Site icon Guwahati Times

ইউপিপিএলৰ জন জাগৰণ আৰু যোগদান সভা

সমাগত বিটিআৰ পৰিষদীয় নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে বিভিন্ন ৰাজনৈতিক দলৰ তৎপৰতা সিমানেই বৃদ্ধি পাইছে।

বিটিচিৰ ৩ নম্বৰ সমষ্টিত ইউপিপিএল দলৰ মুখপাত্ৰ তথা বিটিচিৰ মনোনীত কাৰ্যবাহী সদস্য উইলছন হাছদাৰ নেতৃত্বত দিনে নিশাই দলৰ সাংগঠনিক শক্তি বৃদ্ধি কৰাৰ চেষ্টা চলাই থকা হৈছে।

সেইমতে আজি শ্ৰীৰামপুৰৰ তিনিখন গাঁও ক্ৰমে তাৰিণীপুৰ, চন্দ্ৰপুৰ আৰু বংকলপুৰৰ ৰাইজৰ উপস্থিতিত তাৰিণীপুৰত এখন যোগদান সভা অনুষ্ঠিত হয়।

উক্ত যোগদান সভাত মুখ্য অতিথিৰ ভাষণত উইলছন হাছদাই প্ৰমোদ বড়োৰ সুযোগ্য নেতৃত্বৰ ফলশ্ৰুতিত সমগ্ৰ বিটিআৰৰ লগতে শ্ৰীৰামপুৰ সমষ্টিৰ ৰাইজৰ মাজত শান্তি আৰু কৰ্মসংস্কৃতিৰ পৰিৱেশ স্থাপন হৈছে। পূৰ্বৰ হিংসাজৰ্জৰ পৰিস্থিতিৰ পৰা ৰাইজ নিস্তাৰ পাইছে। ছাত্ৰ- ছাত্ৰী শিক্ষাৰ প্ৰতি মনোনিৱেশ কৰাৰ পৰিৱেশ পাইছে। যুৱ সমাজৰ মাজত সুস্থ সংস্কৃতিৰ বিকাশ ঘটিছে। এক হিংসামুক্ত দুৰ্নীতিমুক্ত সমাজত সকলোৱে সুখে শান্তিৰে জীয়াই থকাৰ যি পৰিৱেশ পাইছে সেয়া অটুট ৰাখিবলৈ পুনৰ প্ৰমোদ বড়োৰ হাতত বিটিচিৰ শাসনভাৰ তুলি দিবলৈ সকলোৱে ঐক্যবদ্ধ ভাৱে আগুৱাই আহিব লাগিব।

উইলছন হাছদাৰ উদ্যোগত কেইবাগৰাকী বিশিষ্ট তথা জ্যেষ্ঠ নাগৰিকৰ লগতে শতাধিক পুৰুষ-মহিলাই কংগ্ৰেছ বিপিএফ এৰি ইউপিপিএলত যোগদান কৰে।

Exit mobile version