উচ্চতম ন্যায়ালয়ে সাংবিধানিকভাৱে বৈধ আখ্যা দিলে আধাৰ কাৰ্ডক।

1 min read

 

বিগ ব্ৰেকিং নিউজ
গুৱাহাটী টাইমচ

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান।

উচ্চতম ন্যায়ালয়ে সাংবিধানিকভাৱে বৈধ আখ্যা দিলে আধাৰ কাৰ্ডক।

কোনো ম’বাইল কোম্পানীয়েও বিচাৰিব নোৱাৰিব আধাৰ কাৰ্ড লগতে কিন্তু বেংক একাউণ্টৰ সৈতে বাধ্যতামূলক নহ’ব আধাৰ কাৰ্ড লগতে মহামান্য উচ্চতম ন্যায়ালয়ে স্পষ্ট ভাবে জনাই যে CBSE, UGC, NEET-এ দাবী কৰিব নোৱাৰিব আধাৰ কাৰ্ড।

উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে আধাৰে মৌলিক অধিকাৰ উলংঘন নকৰে।

আধাৰ সম্বন্ধে মহামান্য উচ্চতম ন্যায়ালয়ে দিলে কেইটামান গুৰুত্বপূৰ্ণ তথ্য :

* আধাৰে মৌলিক অধিকাৰ উলংঘন নকৰে
* বেংক একাউণ্টৰ সৈতে আধাৰ সংযোগ অসাংবিধানিক
* CBSE, UGC, NEET-এ দাবী কৰিব নোৱাৰিব আধাৰ কাৰ্ড
* স্কুলত নামভৰ্তিৰ বাবে আধাৰ বাধ্যতামূলক নহয়
* বাণিজ্যিক প্ৰতিষ্ঠানে বিচাৰিব নোৱাৰিব আধাৰৰ তথ্য
* কোনো ম’বাইল কোম্পানীয়ে বিচাৰিব নোৱাৰিব আধাৰ কাৰ্ড
* পানকাৰ্ড লিংকিঙৰ বাবে বাধ্যতামূলক হ’ব আধাৰ কাৰ্ড
* অবৈধ প্ৰব্ৰজনকাৰীক প্ৰদান কৰা নহ’ব আধাৰ কাৰ্ড
* বায়’মেট্ৰিক ডাটা প্ৰদানত লাগিব ন্যায়ালয়ৰ অনুমতি
* আয়কৰ দাখিলৰ বাবে আধাৰ বাধ্যতামূলক
* আধাৰৰ তথ্য সুৰক্ষাৰ বাবে ব্যৱস্থা লোৱাৰ নিৰ্দেশ ন্যায়ালয়ৰ
* বৈধতা নিৰূপণৰ তথ্য ৬ মাহহে সংৰক্ষণ কৰিব পাৰিব।

ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ

You May Also Like

More From Author