Site icon Guwahati Times

উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ব ‘বিহু’

উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ব ‘বিহু’। আগন্তুক ২০২০ বৰ্ষৰ পৰা ঐচ্ছিক বিষয় হিচাপে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীসকলে অধ্যয়ন কৰিব পাৰিব বিহু । এই

ইতিমধ্যে বিহু বিষয়কলৈ প্ৰথম ভাগ আৰু দ্বিতীয় ভাগ কৰি শিক্ষা সংসদে আৰম্ভ কৰিছে পাঠ্যপুথি প্ৰণয়নৰ কাম ।

উল্লেখ্য যে, বিহুৰ ক্ৰমবিকাশ আৰু ঐতিহ্য প্ৰথম ভাগৰ প্ৰথম অধ্যায়ত অন্তৰ্ভুক্ত কৰা হৈছে । দ্বিতীয় অধ্যায়ত থাকিব বিহুগীত । তৃতীয় অধ্যায়ত থাকিব বিহুৰ বাদ্যৰ সাধাৰণ পৰিচয় আৰু ইয়াৰ প্ৰস্তুত প্ৰণালী । তদুপৰি বিহু নৃত্যৰ লগতে বিহুৰ ছেও, সাজপাৰ, বিহুৰ খেল-ধেমালি, বিহুৰ অলংকাৰৰ বিষয়েও বিশদভাৱে অন্তৰ্ভুক্ত কৰা হৈছে পাঠ্যপুথিত ।

“এক অৰ্থত অসমীয়াৰ বাপতি সাহোন তিনিওটা বিহুৰে স্বকীয় বৈশিষ্ট্য আৰু মাদকতাক পাঠ্যপুথিত বিশদভাৱে তুলি ধৰা হ’ব”, এই মন্তব্য শিক্ষা সংসদৰ অধ্যক্ষ ড০ দয়ানন্দ বৰগোহাঁয়ে ।

“অসমৰ বিভিন্ন জনগোষ্ঠীয় লোকসকলে বিহু কেনেদৰে উদযাপন কৰে তাৰো আভাস দিয়া হ’ব এই নতুন বিষয়ত”, জনাই বৰগোহাঁয়ে ।

Exit mobile version