Site icon Guwahati Times

উত্তৰবহীৰ RTI কৰি মেট্ৰিকত দশম স্থান লাভ কৰিলে নলবাৰীৰ জেচিকা মেছবিনে

যোৱা ২২ মে’ত ঘোষণা হৈছিল ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। মুঠ আঠটা স্থানেৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উজলিছিল শিক্ষাৰ নৱদ্বীপৰূপে খ্যাত নলবাৰী। আজি আকৌ এগৰাকী পৰীক্ষাৰ্থীয়ে নলবাৰী জিলাৰ পৰা দশম স্থান লাভ কৰিবলৈ সক্ষম হয় । পলমকৈ হ’লেও নলবাৰীলৈ আহিল আৰু এটি ভাল খবৰ ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰিলে নলবাৰীৰ পূৱ কালাকুছি গাঁৱৰ জেচিকা মেছবিনে । উত্তৰবহীৰ RTI কৰি পুনৰীক্ষণত পালে শীৰ্ষৰ দশম স্থান । পূৰ্বে ২ নম্বৰৰ বাবে স্থান লাভৰ পৰা বঞ্চিত হৈছিল ছাত্ৰীগৰাকী ।
উত্তৰবহীৰ RTI কৰি দশম স্থান লাভ কৰিবলৈ সক্ষম হয় শিক্ষাৰ্থীগৰাকীয়ে। ছাত্ৰীগৰাকীয়ে বহী পুনঃনিৰীক্ষণৰ বাবে কৰা আবেদনমৰ্মে মুঠ ৫৮৫ নম্বৰ পোৱা বুলি নিশ্চিত কৰে ছেবা কৰ্তৃপক্ষই । সেইমৰ্মে দশম স্থানপ্ৰাপ্ত শিক্ষাৰ্থীসকলৰ তালিকাত সংযোজিত হ’ল জেচিকা মেচবিনৰ নাম।

Exit mobile version