Site icon Guwahati Times

উত্তৰ প্ৰদেশত নিষিদ্ধ হালাল প্ৰমাণীকৃত মাংস

উত্তৰ প্ৰদেশৰ যোগী আদিত্য নাথ নেতৃত্বাধীন চৰকাৰে ঘোষণা কৰিছে বিশেষ বাৰ্তা। এতিয়াৰে পৰা ৰাজ্যখনত নিষিদ্ধ হ’ব হালাল প্ৰমাণীকৃত মাংস।

একাংশ লোকৰ ধৰ্মীয় আৱেগক লক্ষ্য কৰি একাংশ লোকে চলোৱা চেষ্টাক ব্যৰ্থ কৰাৰ বাবেই কোনো দুষ্টচক্ৰই জাৰি কৰা হালাল প্ৰমাণপত্ৰ নিষিদ্ধ কৰা হৈছে বুলি ৰাজ্য চৰকাৰৰ মুখ্যপাত্ৰই প্ৰকাশ কৰিছে। লক্ষ্ণৌৰ এটা কোম্পানীয়ে হালাল প্ৰমাণপত্ৰ জাৰি কৰাৰ ঘটনা পোহৰলৈ আহিছিল।

এই ঘটনাৰ পিচতে উত্তৰ প্ৰদেশৰ মুছলিম সম্প্ৰদায়ৰ মাজত মাংস বিক্ৰী বৃদ্ধি কৰাৰ বাবে হালাল প্ৰমাণপত্ৰ এটা কোম্পানীয়ে জাৰি কৰা বুলি বিজেপিৰ যুৱ গোটে এটা গোচৰ ৰুজু কৰিছিল।

Exit mobile version