fbpx
September 22, 2021

উৎকট গৰমত চিৰাঙত আকৰ্ষণৰ কেন্দ্ৰ হৈছে এটা জলপ্ৰপাত। ভূমেশ্বৰ পাহাৰৰ জলপ্ৰপাতে হাত বাউলি মাতিছে পৰ্যটকক।

উৎকট গৰমে বাৰুকৈয়ে জ্বলা-কলা খুৱাইছে ৰাজ্যবাসীক। প্ৰচণ্ড গৰমত ক’লৈ যাও, কি কৰো অৱস্থা ৰাইজৰ। ইপিনে কোৰোণাৰ সান্ধ্য আইন আৰু আন্তঃজিলা যাতায়াত বন্ধৰ বাবে প্ৰকৃতিৰ মাজলৈও যাব পৰা নাই লোকসকল। ইয়াৰ মাজতে চিৰাং জিলাৰ এটা জলপ্ৰপাতে দৃষ্টি আকৰ্ষণ কৰিছে স্থানীয় লোকৰ। ভূমেশ্বৰ পাহাৰত সাধাৰণ লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে ৷

চিৰাং জিলাৰ কাকৰাগাঁৱৰ ভূমেশ্বৰ পাহাৰত  থকা জলপ্ৰপাতে বিভিন্নজনক আকৰ্ষিত কৰি আহিছে ৷ বিশেষকৈ বিগত কেইদিনমানত অত্যধিক গৰমৰ পৰা ৰক্ষা পাবলৈ দৈনিক বহু লোক জলপ্ৰপাতটোলৈ ঢাপলি মেলিছে। অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰা পাহাৰখনৰ মাজভাগত থকা জল প্ৰপাতটোৱে সকলোৰে দেহ-মন শীতল কৰি পেলায় ৷

error: Content is protected !!
%d bloggers like this: