Site icon Guwahati Times

এইবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিলেও মোদীয়ে নাপায় প্ৰধানমন্ত্ৰীৰ আসনঃ কেজৰিৱাল

তেওঁলোকে প্ৰশ্ন কৰে, ইণ্ডিয়া জোঁটৰ প্ৰধানমন্ত্ৰী কোন হ’ব? এইবাৰ আমি প্ৰশ্ন কৰিছো বিজেপিৰ প্ৰধানমন্ত্ৰী কোন হ’ব? তিহাৰ জে’লৰ পৰা বাহিৰলৈ আহিয়েই এই প্ৰশ্ন দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ৷ তেওঁৰ দাবী, বিজেপিয়ে এইবাৰ চৰকাৰ গঠন কৰিলেও আগন্তুক বৰ্ষতেই মোদীয়ে প্ৰধানমন্ত্ৰী পদ এৰিব লাগিব৷ সেয়ে এইবাৰ নিজৰ বাবে ভোট ভিক্ষা খোজাত নামিছে মোদী৷

শনিবাৰে সাংবাদিকৰ সন্মুখত কেজৰিৱালে কয়, ‘আগন্তুক বৰ্ষত মোদীৰ বয়স ৭৫ বছৰ হ’ব৷ বিজেপিত কোনো ব্যক্তিকে ৭৫ বছৰৰ পাছত পদবীত ৰখা নহয়৷ সেয়ে মোদীয়েও অৱসৰ ল’ব লাগিব৷ আদৱানী, মুৰলী মনোহৰ যোশী, সুমিত্ৰা মহাজন, যশবন্ত সিনহা সকলোৱে অৱসৰ লৈছে৷ আগন্তুক বৰ্ষৰ ১৭ ছেপ্টেম্বৰত সেইবাবেই মোদীয়ে অৱসৰ ল’ব৷ মোদীয়ে অৱসৰ ল’লে প্ৰধানমন্ত্ৰী কোন হ’ব?

কেজৰিৱালে কয়, ‘মোদীৰ পাছত অমিত শ্বাহেই প্রধানমন্ত্ৰী হোৱাৰ দাবীদাৰ৷ মোদীয়ে নিজৰ বাবে নহয়, অমিত শ্বাহৰ বাবে ভোট বিচাৰিছে৷ বিজেপিয়ে এইবাৰ নিৰ্বাচন জিকিলে মুখ্যমন্ত্ৰীয়েও দুমাহৰ ভিতৰত ছিট এৰি দিব লাগিব৷ মুখ্যমন্ত্ৰী পদ হেৰুৱাব যোগী আদিত্যনাথেও৷ কাৰাগাৰৰ পৰা অন্তবৰ্তী জামিন লাভ কৰাৰ পাছতেই বিজেপিক টাৰ্গেট কৰি লৈছে কোজৰিৱালে৷ বিজেপিক টাৰ্গেট কৰি কেজৰীয়ে কয়, ‘প্ৰধানমন্ত্ৰী মোদীয়ে বিপজ্জনক মিছন আৰম্ভ কৰিছে৷ সেই মিছনৰ নাম ৱান নেশ্বন ৱান লিডাৰ৷ তেওঁৰ দাবী, প্ৰধানমন্ত্ৰীয়ে দেশৰ সকলো নেতাক শেষ কৰি দিব খুজিছে৷ বিৰোধী দলৰ সকলো নেতাক জে’ল পঠিয়াইছে৷ দিল্লীৰ মুখ্যমন্ত্ৰীৰ বক্তব্য, এইবাৰ নিৰ্বাচনত বিজেপি জয়ী হ’লে কেইদিনমান পাছত তেজস্বী যাদৱ, ষ্টেলিন, পিনাৰাই বিজয়ন, উদ্ধৱ ঠাকুৰো কাৰাগাৰলৈ যাব লগা হ’ব৷’

Exit mobile version