Site icon Guwahati Times

একেৰাহে বহু সময় ধৰি মোবাইল ফোনত কথা পাতিলে হ’ব পাৰে কেনে সমস্যা?

বহু সময় ধৰি মোবাইল ফোনত কথা পাতিলে মানৱ শৰীৰত গুৰুতৰ প্ৰতিক্ৰিয়া হ’ব পাৰে। সপ্তাহত মুঠ আধা ঘণ্টাতকৈ অধিক সময় ফোনত কথা পাতিলে উচ্চ ৰক্তচাপৰ সম্ভাৱনা ১২ শতাংশ বৃদ্ধি হয়। নতুন গৱেষণাই এনে ধৰণৰ চাঞ্চল্যকৰ তথ্যই প্ৰকাশ কৰিছে।এতিয়া বিশ্বৰ জনসংখ্যাৰ এক তৃতীয়াংশতকৈও অধিক লোকৰ হাতত  মোবাইল ফোন আছে। আৰু মোবাইলৰ পৰা নিৰ্গত হোৱা  ৰেডিঅ’ফ্ৰিকুৱেন্সিয়ে  শৰীৰত ৰক্তচাপ বৃদ্ধি কৰে বুলি শেহতীয়া গৱেষণাত প্ৰকাশ পাইছে।  

উচ্চ ৰক্তচাপৰ পৰাই সমগ্ৰ বিশ্বতে হৃদৰোগৰ আক্ৰমণ, ষ্ট্ৰোক আৰু অকাল মৃত্যু আদিৰ ঘটনাও বৃদ্ধি পাইছে । চীনৰ গুয়াংঝৌ চিকিৎসা বিশ্ববিদ্যালয়ৰ গৱেষণাই দাবী কৰিছে যে আপুনি ফোনত কিমান সময় কথা কয় তাৰ ওপৰতো আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্য নিৰ্ভৰ কৰে। আপুনি যিমান বেছি সময় মোবাইল ফোনত  কথা পাতিব, সিমানে বিপদৰ আশংকা  বেছি হ’ব।
 ইউৰোপিয়ান হাৰ্ট জাৰ্নেল ডিজিটেল হেল্থত প্ৰকাশিত গৱেশণাটোৰ তথ্য অনুসৰি  মোবাইল ফোনৰ অত্যধিক ব্যৱহাৰ কৰাসকলৰ বহুতৰে হৃদৰোগৰ আশংকা বেছি হয়।গৱেষণাটোত  ৩৭ ৰ পৰা ৭৩  বছৰ বয়সৰ মুঠ ২,১২,০৪৬ গৰাকী লোককলৈ  জৰীপ চলোৱা হৈছিল। তেওঁলোকে কিমান বছৰ ধৰি  মোবাইল ফোন ব্যৱহাৰ কৰিছে, সপ্তাহত কিমান ঘণ্টা তেওঁলোকে ফোনত কথা পাতে, কথা পাতোতে স্পীকাৰ ব্যৱহাৰ কৰে নেকি আদি প্ৰশ্নসমূহ গৱেষণাটোত সামৰি লোৱা হৈছিল। 
অধ্যয়নটোত পোৱা গৈছিল যে প্ৰতি সপ্তাহত ৩০ মিনিট বা ততোধিক সময় মোবাইল ফোনত কথা কোৱা সকলৰ ১২ শতাংশৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে। গৱেষণাটোত পুৰুষ আৰু মহিলাৰ বাবে একে ফলাফল প্ৰাপ্ত কৰা হৈছিল।
যিসকলে সপ্তাহত ৪ ৰ পৰা ৬ ঘণ্টা ফোনত কথা পাতি অতিবাহিত কৰে তেওঁলোকৰ এই বিপদাশংকা ২৫ শতাংশ। অৱশ্যে, যিসকলে দীৰ্ঘদিন ধৰি মোবাইল ফোন ব্যৱহাৰ কৰি আহিছে বা যিসকলে হেণ্ডচফ্ৰী বা স্পীকাৰ ব্যৱহাৰ কৰে তেওঁলোকৰ বাবে কিমান বিপদাশংকা আছে সেয়া গৱেষণাটোত  স্পষ্ট কৰা হোৱা নাই।  বিশেষজ্ঞসকলে সকলোকে বিষয়টোৰ প্ৰতি সাৱধান হ’বলৈ আহ্বান জনাইছে।
Exit mobile version