জিএমচিৰ পানী যোগান থকা সকলক জলবৰ্ডৰ পানীৰ সংযোগ ল’বলৈ আহ্বান মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
দীৰ্ঘদিন ধৰি গুৱাহাটী মহানগৰীত পানী যোগান ধৰি আহিছিল গুৱাহাটী পৌৰ নিগমে ৷কিন্ত এতিয়াৰ পৰা মহানগৰবাসীৰ পানী যোগান ধৰিব জলবৰ্ডে ৷
এই মন্তব্য জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ৷ বৃহস্পতিবাৰে এক সংবাদমেলত মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে ১ জুলাই পৰা গুৱাহাটীত বন্ধ হ’ব জিএম চিৰ পানী যোগান। জিএমচিৰ পানী সংযোগ লৈ থকাসকলক জলব’ৰ্ডৰ পানীৰ সংযোগ লবলৈ আহ্বান৷
একেদৰে ১জুলাই পূৰ্বে পানীৰ সংযোগ ল’লে নিৰ্ধাৰিত ৯,৫০০ টকা দিব নালাগে বুলি স্পষ্ট কৰি দিয়ে মন্ত্ৰী গৰাকীয়ে ৷ এনেক্ষেত্ৰত মহানগৰবাসীয়ে জলবৰ্ডৰ আহ্বানৰ প্ৰতি কিমান সহাৰি জনায় ৷সেয়া আগন্তুক দিনত লক্ষণীয় হ’ব ৷

