এছিয়ান গেমছত সাঁতোৰবিদ শিৱাংগী শৰ্মাৰ দুৰ্দান্ত আৰম্ভণি। মহিলাৰ ৪×১০০ মিটাৰ ফ্ৰিষ্টাইল ৰীলেত ভাৰতীয় মহিলা দলৰ ফাইনেলত প্ৰৱেশ।
মহিলাৰ ৪×১০০ মিটাৰ দলটোত আছে অসমৰ শিৱাংগী শৰ্মা (Shivangi Sharma)। প্ৰতিযোগিতাত সুন্দৰ খেল প্ৰদৰ্শন কৰে শিৱাংগী শৰ্মাই।
আজি নিশা ১১:১০ বজাত আঠটা দলৰ মাজত অনুষ্ঠিত হ’ব ফাইনেল। ভাৰত, চীন, জাপান, হংকং, থাইলেণ্ড, ফিলিপাইনছ , ছিংগাপুৰ আৰু মাকাও অৱতীৰ্ণ হ’ব ফাইনেলত।
উল্লেখ্য, অসমৰ উদীয়মান সাঁতোৰবিদ শিৱাংগী শৰ্মাই হায়দৰাবাদত অনুষ্ঠিত চিনিয়ৰ একুৱাটিকছ চেম্পিয়নশ্বিপত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে এছিয়ান গেমছত স্থান লাভ কৰিছিল। শিৱাংগীয়ে হায়দৰাবাদত ৪×১০০ মিটাৰ সাঁতোৰ প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰিছিল।

