এনিমেশ্বন কথাছবি “মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ” ৰ *টিজাৰ* মুকলি

1 min read

এনিমেশ্বন কথাছবি “মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ” ৰ *টিজাৰ* মুকলি

এনিমেশ্বন কথাছবি ‘মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ’ৰ প্ৰাৰম্ভিক দৃশ্যাংশ(টিজাৰ) আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয় । ৰমণী চিত্ৰম স্মৃতি ন্যাসৰ প্ৰযোজনাত আৰু ডালিম পাঠকৰ সামগ্ৰিক পৰিকল্পনাত নিৰ্মীয়মাণ অগতানুগতিক কথাছবিখনৰ প্ৰাৰম্ভিক দৃশ্যাংশ শুকুৰবাৰে গুৱাহাটীৰ বেলতলাস্হিত গ্ৰেণ্ড ভবেন্দ্ৰালয় হোটেলৰ ৰঙ্গালয় সভাকক্ষত মুকলি কৰা হয় ।

এই উপলক্ষে আয়োজিত অনুষ্ঠানটিত বন্তি প্ৰজ্বলন কৰে বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া নৱজিৎ দাস পাঠকে । বিশিষ্ট অভিনেতা নিপন গোস্বামী , দীনেশ দাস , সত্ৰাধিকাৰ সুশীল মহন্ত আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত গৌতম দাস পৰিচালিত এনিমেশ্বন কথাছবিখনৰ “টিজাৰ” মুকলি কৰা হয় । ধ্ৰুপদী শিল্পী ৰঞ্জন বেজবৰুৱাই মাধৱদেৱৰ মুখ্য চৰিত্ৰত আৰু ছৈয়দ চাদুল্লাই শংকৰদেৱৰ চৰিত্ৰত কণ্ঠদান কৰা ছবিখনৰ সংগীত পৰিচালনা কৰিছে গুণীন্দ্ৰ ওজা , জিতেন বসুমতাৰীৰ আৰু হেমেন্দ্ৰ দাসে ।

ছবিখনৰ সহযোগী পৰিচালক অৱণীৰঞ্জন পাঠকৰ আৰু গৱেষণা প্ৰভাত চন্দ্ৰ দাসৰ ।

You May Also Like

More From Author