Site icon Guwahati Times

কংগ্ৰেছে মুছলমানক বাংলাদেশীৰ চোলা পিন্ধাই থৈ যোৱাৰ পাছত বিজেপিয়ে বাংলাদেশী মুছলমানৰ নামত ব্লেকমেইলৰ ৰাজনীতি কৰে: জগদীশ ভূঞা

কংগ্ৰেছে মুছলমানক বাংলাদেশীৰ চোলা পিন্ধাই থৈ যোৱাৰ পিছত বিজেপিয়ে বাংলাদেশী মুছলমানৰ নাম লৈ ব্লেকমেইলিঙৰ ৰাজনীতি কৰে- এই মন্তব্য অসম জাতীয় পৰিষদৰ মুখ্য সমন্বয়ক তথা শদিয়াৰ প্ৰাক্তন বিধায়ক, প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাৰ।

নগাঁও জিলাৰ বটদ্ৰৱাৰ ডুমডুমীয়াত সোমবাৰে অসম জাতীয় পৰিষদৰ এখন বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয়। সভাত অসম জাতীয় পৰিষদৰ মুখ্য সমন্বয়ক জগদীশ ভূঞাঁ উপস্থিত থাকি ভাষণ প্ৰসংগত কয় যে, বৰ্তমান বিজেপিয়ে হিন্দু লোক সকলক কেন্দ্ৰ বিন্দু কৰি আৰু এ আই ইউ ডি এফে মুছলমানক কেন্দ্ৰ বিন্দু কৰি ৰাজনীতি কৰি আহিছে৷

প্ৰকৃতাৰ্থত দৰিদ্ৰ কৃষক ৰাইজৰ উন্নয়ন আজিও এই অঞ্চল সমূহত হোৱা নাই৷ সভাত অসম জাতীয় পৰিষদৰ মুখপাত্ৰ জিয়াবুৰ ৰহমান উপস্থিত থাকি কয় যে, আজি সমাজখনক সাম্প্ৰদায়িকতাৰ ভিত্তিত দুটা শক্তিয়ে ভাগ ভাগ কৰিব বিচাৰিছে। আমি এনে অপ শক্তিৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ’ব লাগিব।

সভাত অসম জাতীয় পৰিষদৰ ৰাজ্যিক আহ্বায়ক উদ্দীপ্ত নাৰায়ণ ৰাজা, মুখপাত্ৰ তথা জাতীয় যুৱ শক্তিৰ ৰাজ্যিক সহ: তত্বাৱধায়ক অভিজিত কমল ভূঞা জাতীয় যুৱ শক্তিৰ ৰাজ্যিক মুখ্য আহ্বায়ক ডাঃ লক্ষ্যজ্যোতি বৰা, নগাঁও জিলা আহ্বায়ক দেৱ কুমাৰ বৰা, পংকজ ডেকা,জিতেন শৰ্মা,অৰুণ শৰ্মা,আটিকুৰ ৰহমান, কামৰূপ জিলাৰ আহ্বায়ক অৰূপ দাস, ৰাজ্যিক যুৱ শক্তিৰ আহ্বায়ক আশিক ফৰাজি, যুৱ শক্তিৰ ৰাজ্যিক আহ্বায়ক ঋতুৰাজ বৰুৱা, আনজাৰ হুছেইনকে প্ৰমুখ্য কৰি কেইবাজনেও বক্তব্য ৰাখে আৰু আজিৰ সভাত কেইবা শতাধিক ৰাইজে অসম জাতীয় পৰিষদ দলত যোগদান কৰে।

Source: Asomiyapratidin

Exit mobile version