Site icon Guwahati Times

কলম বিক্ৰী কৰি পৰিয়াল পোহপাল এটি কণমানিৰ…

সংগ্ৰাম জীৱনৰ আন এটা নাম। কিন্তু এই সংগ্ৰামৰ যুঁজত মাত্ৰ এঘাৰ বছৰ বয়সতে নামি পৰিছে এটি শিশু। নগাঁৱৰ ৰাজপথত কলম হাতত লৈ জীৱন-সংগ্রামত ব্রতী এই শিশুটি। সময় আৰু পৰিস্থিতিয়ে এই শিশুটিক যেন বাধ্য কৰাইছে জীৱন-সংগ্ৰামৰ এই যুঁজখনত অৱতীর্ণ হ’বলৈ। এফালে এমুঠি অন্ন যোগান আৰু আনফালে বিদ্যালয়লৈ যোৱাৰ তাগিদাৰ মাজতে এই শিশুটিয়ে নগাঁৱৰ ৰাজপথত কলম বিক্রী কৰি কঠোৰ জীৱন-সংগ্ৰামৰ যুঁজ অব্যাহত ৰাখিছে। শিশুটিৰ নাম ৰামকুমাৰ চৌধুৰী। পিতৃহাৰা শিশুটিৰ মাক জোল্টি দেৱী অসুস্থ। ঘৰত তেওঁৰ এগৰাকী কণমানি ভনীয়েকো আছে। মাক অসুস্থ হোৱাৰ বাবে পৰিয়াল পোহপাল দিবলৈকে তেওঁ জীৱিকা হিচাপে কলম বিক্ৰী কৰা পথটো বাছি লৈছে।

নগাঁও চহৰৰ হয়বৰগাঁৱৰ লাচিত নগৰৰ নিৱাসী ৰামকুমাৰ চৌধুৰীৰ পিতৃ ৰাজকুমাৰ চৌধুৰীৰ ছমাহ আগতে প্ৰেছাৰ স্ট্রোক হৈ অকাল মৃত্যু হয়। তাৰ পাছতেই মাতৃ জোন্টি দেৱীও অসুস্থ হৈ পৰি শয্যাশায়ী হয়। লগে লগে ঘৰখনলৈ নামি আহে ঘোৰ অমানিশা। প্রণিধানযোগ্য যে ৰামকুমাৰ চৌধুৰী হয়বৰগাঁও শিশু প্রাথমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ। ঘৰৰ দুৰৱস্থাই শিশুটিক কলম বিক্ৰী কৰি দুপইচা উপাৰ্জন কৰিবলৈ শিকালে। শিশুটিয়ে প্ৰকাশ কৰা অনুসৰি, তেওঁ নগাঁও চহৰৰ মৰিগাঁও বাছ আস্থানৰ কিতাপৰ দোকানৰ পৰা পাইকাৰী দৰত কলমসমূহ ক্ৰয় কৰি তাক চহৰখনত ঘূৰি ফুৰি এটা এটাকৈ বিক্ৰী কৰে। দিনটোত কেতিয়াবা এশ টকা, আন কেতিয়াবা ডেৰশ টকা পর্যন্ত উপাৰ্জন কৰে।

মৰমলগা শিশুটিয়ে হাতত কলম লৈ আকুলতাৰে যেতিয়া কোনো লোকক সেইটো ক্ৰয় কৰিবলৈ অনুৰোধ জনায় তেতিয়া বহুতেই তাক বিমুখ নকৰে। বহুতেই পাঁচ টকা দামৰ কলমটো দহ টকা, আন বহুতেই বিশ টকা দিও ক্রয় কৰে। শিশুটিয়ে জনোৱা মতে, তেওঁ পৰাপক্ষত সদায় বিদ্যালয়লৈ যাবলৈ যত্ন কৰে। স্কুলৰ পৰা উভতি আহি কলম বিক্ৰী কৰে। অৱশ্যে কেতিয়াবা বেছি অভাৱ হ’লে সি স্কুললৈ নগৈ দিনৰ দিনটো কলম বিক্ৰী কৰে। শিশুটিৰ এই জীৱন-সংগ্ৰামৰ কাহিনীয়ে এতিয়া সকলোৰে অন্তৰ চুই যোৱাৰ লগতে চৰকাৰক এই শিশুটিৰ পৰিয়ালৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিবলৈ সচেতন মহলে আহ্বান জনাইছে।

Exit mobile version