Site icon Guwahati Times

কলেজ অব ইডুকেশ্বন, মৰিগাঁৱত বিভিন্ন প্ৰকাৰৰ সাৰৰ সংমিশ্ৰণত বৃক্ষৰোপণ

কলেজ অব ইডুকেশ্বন, মৰিগাঁৱত বিভিন্ন প্ৰকাৰৰ সাৰৰ সংমিশ্ৰণত বৃক্ষৰোপণ

পৰিৱেশ সজাগতা আৰু কলেজ চৌপাশ সুন্দৰ কৰাৰ লক্ষ্যৰে আজি কলেজ অব ইডুকেশ্বন মৰিগাঁৱত ব্যতিক্ৰম ভাবে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ শিক্ষানুষ্ঠানখনৰ ডি.এল.এডৰ শিক্ষাৰ্থী সকলে আজি পাঠ্যক্ৰমৰ অংশ হিচাপে এই কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে প্ৰতিপালনৰ বাবেও যাৱতীয় কাৰ্যব্যৱস্থা গ্ৰহন কৰে ৷ শিক্ষাৰ্থীসকলে নাৰিকলৰ বাকলিৰ গুৰি, পাৰলাইট নামৰ অষ্ট্ৰেলিয়াৰ এবিধ শিলৰ গুৰিৰ লগত ঘৰুৱা পেলনীয়া সামগ্ৰীৰ পৰা তৈয়াৰ সাৰৰ সংমিশ্ৰণ, কুকুৰা ফাৰ্মৰ পেলনীয়া সামগ্ৰীৰ পৰা তৈয়াৰী সাৰৰ উপৰিও গোবৰ আৰু মাটি মিশ্ৰণ কৰি পুলিসমূহ ৰোপন কৰে ৷ এই কাৰ্যসূচীত মহাবিদ্যালয়খনৰ অধ্যক্ষা ড° ডলী বুঢ়াগোহাঁইৰ লগতে সকলো অধ্যাপক-অধ্যাপিকাই অংশ লয় ৷ অধ্যক্ষা গৰাকীয়ে উক্ত তিনিওবিধ সাৰ প্ৰস্তুত কৰি কোন প্ৰকাৰৰ সাৰৰ ব্যৱহাৰে গছৰ শ্ৰীবৃদ্ধি কৰাত সহায় কৰে তাৰ পৰ্যবেক্ষণ কৰাই এই কাৰ্যসূচীৰ মূল লক্ষ্য বুলি উল্লেখ কৰে ৷

Exit mobile version