Site icon Guwahati Times

কাজিৰঙাত পঞ্চতাৰকা তাজ হোটেল, গুৱাহাটী-জাগীৰোডৰ মাজত হ’ব নতুন Five Star হোটেল

বিশ্ববিখ্যাত কাজিৰঙাৰ হাতীখুলী চাহ বাগিচাত পঞ্চতাৰকা হোটেল নিৰ্মানক লৈ বিভিন্ন দল সংগঠন অব্যাহত আছে প্ৰতিবাদ। চাহ গছ কাটি হোটেল নিৰ্মাণৰ বিৰুদ্ধে শনিবাৰৰ দিনটোত প্ৰতিবাদ সাব্যস্ত কৰে চাহ মজদুৰ সংঘ আৰু অসম চাহ কৰ্মচাৰী সংঘই। তাৰে মাজতে শনিবাৰে টাটা গ্ৰুপ আৰু ৰাজ্য চৰকাৰ পৰ্যটন বিভাগৰ মাজত সম্পন্ন হয় আতিথ্য আন্তঃগাঁথনি স্থাপনৰ বুজাবুজি চুক্তিৰ। এই চুক্তি অনুসৰি পৰ্যটকৰ বাবে কাজিৰঙা হাতীখুলী চাহ বাগিচাত স্থাপন হ’ব পঞ্চতৰকা হোটেল।

কাজিৰঙাত পৰ্যটক ধৰি উদ্দেশ্যৰে এই হোটেল নামত ৰাজ্য চৰকাৰ আৰু টাটা গ্ৰুপে ব্যায় কৰিব ৩০০ কোটি টকা। হোটেল নিৰ্মাণৰ লগে লগে পৰ্যটক বৃদ্ধি হ’লে ৰাজ্য অৰ্থনীতি বৃদ্ধি হোৱাৰ মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।

বুজাবুজি অনুষ্ঠানতে মুখ্যমন্ত্ৰীৰ আন এক ঘোষণা। গুৱাহাটী-জাগীৰোডৰ মাজত স্থাপন হ’ব আন এখন পঞ্চতাৰকা তাজ হোটেল। গুৱাহাটীৰ ভিভাণ্টা ৰূপান্তৰিত হ’ব তাজ হোটেললৈ। এই বুজাবুজি চুক্তি স্বাক্ষৰ কৰা সময়ত মুখ্যমন্ত্ৰীয়ে কয় যে নতুন ফাইভ ষ্টাৰ হোটেল নিৰ্মাণৰ বাবে এই চুক্তি।
‘‘হাতীখুলি চাহ বাগিচাত হ’ব এই হোটেল,বহু দিনৰ পৰা মই টাটা গ্ৰুপক কৈ আছিলো কাজিৰঙাত ফাইভ ষ্টাৰ হোটেল খুলিবলৈ ফাইভ ষ্টাৰ নথকাৰ বাবে বহু পৰ্যটকে দিনটোতে ঘুৰি আহিছে। ফাইভ ষ্টাৰ হোটেল হ’লে আমি কাজিৰঙাক আৰু আগুৱাই নিব পাৰিম।জিঞ্জাৰ হোটেলেৰে আৰম্ভ কৰিছিল ভিভান্তাকো তাজ হোটেললৈ উন্নীত কৰিব। জাগীৰোডৰ পৰা গুৱাহাটীৰ মাজতো এখন তাজ হোটেল নিৰ্মানৰ ইচ্ছা প্ৰকাশ কৰিছে টাটা গ্ৰুপে। তাজ হোটেলেই হওক টাটা গ্ৰুপেই হওক সকলোতে তেওঁলোক বিৰাজমান, অসমৰ অৰ্থনীতিৰ ঊন্নতি সাধিবলৈয়ে অসমলৈ আহিছে টাটা গ্ৰুপ।” এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

ইফালে,কাজিৰঙাত তাজ হোটেলৰ জড়িতে পৰ্যটকৰ সংখ্যা বৃদ্ধি হোৱাৰ পোষকতা টাটা ছ’চনৰ অধ্যক্ষ এন ছন্দশেখৰনৰ। লগতে একেদিনাই দুটাকৈ প্ৰকল্পই কাম ৰাজ্য চৰকাৰৰ লগত কৰিবলৈ পাই সুখী অধ্যক্ষজন। উল্লেখযোগ্য যে, জাগীৰোডৰ ছেমি কণ্ডাক্টৰ আৰু কাজিৰঙাৰ তাজ হোটেল ২০২৫ৰ ভিতৰত সমন্ন কৰা চিন্তা চৰ্চা কৰিছে টাটা গ্ৰুপ আৰু ৰাজ্য চৰকাৰে।

Exit mobile version