ক্ৰমাৎ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেতবোৰ এলেকা ব্ৰহ্মপুত্ৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে ৷ যাৰবাবে অভয়াৰণ্য খনৰ বহু বন্যজন্ত ৰাষ্ট্ৰীয় ঘাই পথ পাৰ হৈ ঢাপলি মেলিছে কাৰ্বি পাহাৰলৈ ৷
এনেক্ষেত্ৰত কাজিৰঙাৰ ৰাজপথত বন্যজন্তুৰ সুৰক্ষাৰ বাবে সষ্টম হৈ পৰিছে পৰিবহণ বিভাগৰ INTERCEPTOR বাহন। ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ ওখ স্থানলৈ খাদ্যৰ সন্ধানত যোৱা বন্যজন্তুৰ সুৰক্ষাৰ বাবে গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণত ব্যস্ত INTERCEPTOR বাহন।

