Site icon Guwahati Times

কান্দি কান্দি ফেচবুক লাইভ আলফা (স্বাঃ)লৈ যোৱা বিদ্যুৎ মহন্তৰ পত্নীৰ

শেহতীয়াকৈ আলফা স্বাধীনত যোগদান কৰা বুলি ছচিয়েল মিডিয়াত পোষ্ট দিয়া সাংবাদিক বিদ্যুৎ মহন্তৰ পত্নীয়ে আজি ছচিয়েল মিডিয়াত আপলোড কৰিছে এটা ভিডিঅ’। ফেচবুক লাইভযোগে বিদ্যুৎ মহন্তৰ পত্নীয়ে বহু প্ৰশ্ন উত্থাপন কৰিছে স্বামীলৈ। কোনো কথা নজনোৱাকৈ পত্নী-পুত্ৰৰ লগতে পৰিয়ালক অথাই সাগৰত পেলাই থৈ যোৱা বিদ্যুৎ মহন্তক লৈ দোমোজাত পত্নী। কোনোৱে প্ৰৰোচনাৰে তেওঁক লৈ গৈছে নে নিজ ইচ্ছাৰে গৈছে সেই কথা এবাৰ নিজেই ক’বলৈ স্বামীক আহ্বান জনাইছে পত্নীয়ে।

ফেচবুক লাইভত সমগ্ৰ ঘটনা বিৱৰি কৈছে পত্নীয়ে। সেইদিনা কাহিলিপুৱাতে অৰুণাচললৈ বুলি ওলাই গৈছিল বিদ্যুৎ মহন্ত। তাৰ পিছতে কেইবাবাৰো পত্নীলৈ ফোনো কৰিছিল। এনে এটা সিদ্ধান্ত স্বামীয়ে ল’ব বুলি সপোনতো নভৱা পত্নীয়ে ফেচবুকৰ পোষ্টটো দেখি হতভম্ব হৈ পৰিছিল।

উল্লেখযোগ্য যে শেহতীয়াকৈ ফেচবুকত এক দীঘলীয়া পোষ্ট লিখি আলফা স্বাধীনত যোগদান কৰাৰ কথা প্ৰকাশ কৰিছিল নাহৰকটীয়াৰ সাংবাদিক বিদ্যুৎ মহন্তই।

Exit mobile version