Site icon Guwahati Times

কাশ্মীৰত প্ৰচণ্ড তুষাৰপাত ! জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ লাডাখলৈ যোৱা পথত ভূমিস্খলন

জম্মু কাশ্মীৰত পুনৰ প্ৰচণ্ড তুষাৰপাত । বৃহস্পতিবাৰৰ পাছত, আজি পুৱা জম্মু আৰু কাশ্মীৰৰ বৃহৎ অংশত পুনৰ তুষাৰপাত আৰম্ভ হয়। তুষাৰপাতৰ বাবে বন্ধ কৰি দিয়া হৈছে জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ। প্ৰশাসনিক সূত্ৰ অনুসৰি, বানিহাল আৰু কাজিগুণ্ডৰ ওচৰৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহত প্ৰচণ্ড বৰফ জমা হৈছে, যাৰ ফলত যান-বাহন চলাচল বন্ধ কৰি দিয়া হয়।

কিছুদিনৰ পৰা নিৰন্তৰ তুষাৰপাত হোৱাৰ ফলত, বানিহালৰ পৰা ৰামবানলৈ যোৱা পথৰ কেইবাটাও ঠাইত ভূমিস্খলন হয়। জোজিলা গিৰিপথত তুষাৰপাত আৰু ভূমিস্খলনৰ ফলত শ্ৰীনগৰ-লাডাখ ৰাষ্ট্ৰীয় ঘাইপথও বন্ধ কৰি দিয়া হৈছে। বতৰ বিজ্ঞান বিভাগৰ মতে, আবেলিৰ পৰা পৰিস্থিতি উন্নত হ’ব পাৰে।

ইতিমধ্যে ৰাজৌৰী, ডোডা, ৱালেছা জিলাৰ বিস্তৃত অংশ বৰফেৰে আৱৰি ধৰিছে। অনন্তনাগৰ প্ৰায় একেই পৰিস্থিতি। সংবাদ সংস্থা এএনআইয়ে প্ৰকাশ কৰা অনুসৰি বহু দিনৰ মূৰত পীৰ পাঞ্জাল ৰেঞ্জৰ ওখ অংশত বৰফ পৰিছে। আৰু নিম্নভূমি অঞ্চলত বৰষুণ দি আছে। বৰফ আৰু বৰষুণৰ বাবে কাশ্মীৰতো তাপমাত্ৰা যথেষ্ট হ্ৰাস পাইছে।

জম্মু-কাশ্মীৰৰ লগতে হিমাচল প্ৰদেশৰ লাহৌল আৰু স্পিতিতো প্ৰচণ্ড তুষাৰপাত হৈছে। আৰক্ষীয়ে এই দুয়োটা অঞ্চলতে হিমস্খলনৰ সতৰ্কবাণী দিছে।

Exit mobile version