Site icon Guwahati Times

কাৰাগাৰত মুকলি হ’ল ‘সংগম কক্ষ’, এইবাৰ কাৰাগাৰৰ ভিতৰতে দৈহিক সুখ লাভ কৰিব বন্দীয়ে

এতিয়াৰে পৰা কাৰাগাৰৰ ভিতৰতেই স্ত্ৰীৰ সৈতে স্বামীয়ে শাৰীৰিক মিলনৰ সুবিধা পাব৷ কাৰাগাৰৰ সমূহ বন্দীয়েই এই সুযোগ লাভ কৰিব৷ শুকুৰবাৰে তেনে এক সংগম কক্ষৰ উদ্বোধন কৰা হৈছে ইটালীত৷ ইটালীৰ বিচাৰ ব্যৱস্থাত বন্দীসকলৰ পত্নী বা লিভ ইনত থকা সংগীৰ সৈতে ব্যক্তিগত আৰু অন্তৰংগ সাক্ষাতৰ অধিকাৰৰ স্বীকৃতি পূৰ্বেই দিয়া হৈছিল৷ আদালতৰ ৰায়ৰ পাছত দেশৰ বিচাৰ মন্ত্ৰণালয়ে কিছু নিৰ্দেশনা জাৰি কৰিছে৷ তাতেই এই ধৰণৰ বন্দোবস্তৰ প্ৰস্তাৱো দিয়া হৈছিল৷ তাৰপাছতেই মুকলি কৰা হৈছে এই কক্ষ৷

আদালতৰ নিৰ্দেশনাত কোৱা হৈছে অন্তৰংগ সাক্ষাতৰ বাবে বন্দীসকলক এক বিশেষ কক্ষৰ ব্যৱস্থা কৰি দিয়া হব৷ এই কক্ষত এখন বিচনা আৰু এটা শৌচাগাৰ থাকিব৷ আৰু সাক্ষাতৰ সময়কাল সৰ্বোচ্চ দুঘণ্টা পৰ্যন্ত হ’ব পাৰে৷ নিৰাপত্তাৰ কাৰণে কক্ষৰ দুৱাৰ সকলোসময়তে খোলা ৰাখিব লাগিব৷ আৰু কাৰাৰক্ষীয়ে প্ৰয়োজনত হস্তক্ষেপ কৰিব পাৰে৷

নিৰ্দেশনা মানি ইটালীৰ উমব্ৰিয়া অঞ্চলৰ এক কাৰাগাৰত এই ব্যৱস্থা কৰা হৈছে৷ এই ঘটনা ইউৰোপত প্ৰথম নহয়৷ ইটালীৰ পূৰ্বে ফ্ৰান্স, জাৰ্মানী, স্পেইন, ছুইডেন আৰু নেডাৰলেণ্ডৰ দৰে দেশসমূহত বেছ কিছু বন্দীয়ে এই সুবিধা লাভ কৰে৷

ইটালীৰ কাৰাগাৰসমূহত বন্দীৰ সংখ্যা অন্য ইউৰোপীয় দেশৰ তুলনাত বহু বেছি আৰু বন্দীৰ মাজত আত্মহত্যাৰ প্ৰবণতাও উদ্বেগজনক৷ এই পৰিস্থিতিত, কৰ্তৃপক্ষৰ আশা যে এই নতুন ব্যৱস্থাই বন্দীসকলৰ মানসিক স্বাস্থ্য ভালে ৰাখিব আৰু পাৰিবাৰিক বন্ধন মজবুত কৰিবলৈ সহায় কৰিব৷

 

Exit mobile version