Site icon Guwahati Times

কিডনী ষ্টোনৰ সৈতে জড়িত ৪টা ভুৱা তথ্য, জানি লওক…

বৃক্ক হৈছে আমাৰ শৰীৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ, যিয়ে তেজ পৰিষ্কাৰ কৰে আৰু শৰীৰৰ তৰল পদাৰ্থৰ ভাৰসাম্য ৰক্ষা কৰে। কিন্তু কেতিয়াবা, খনিজ পদাৰ্থ জমা হোৱাৰ ফলত বৃক্কত পাথৰ সৃষ্টি হয়, যাক কিডনী ষ্টোন বোলা হয়।
এই পাথৰবোৰৰ ফলত তীব্ৰ বিষ, প্ৰস্ৰাৱত তেজ আৰু সংক্ৰমণ হ’ব পাৰে-

বৃক্কৰ পাথৰৰ সন্দৰ্ভত বহু তথ্য বিয়পি পৰিছে, যিয়ে কেৱল বিভ্ৰান্তিৰ সৃষ্টি কৰাই নহয়, পৰিস্থিতি অধিক বিপদজনক কৰি তুলিব পাৰে।

কিডনীত পাথৰ কেৱল পুৰুষৰ ক্ষেত্ৰতহে দেখা দিয়ে এনে নহয় পুৰুষৰ ক্ষেত্ৰত কিডনীত পাথৰ বেছি হয় যদিও মহিলাও ইয়াৰ বলি হ’ব পাৰে। দৰাচলতে শেহতীয়া বছৰবোৰত মহিলাৰ কিডনী ষ্টোনৰ প্ৰাদুৰ্ভাৱ বাঢ়িছে।

বিয়েৰ খালে বৃক্কৰ পাথৰ আঁতৰ হয়। এইটো মিচা কথা। বিয়েৰত থকা মদ্যপানে আচলতে বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। ইয়াৰ উপৰিও বিয়েৰে প্ৰস্ৰাৱত কেলচিয়ামৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে, যাৰ ফলত পাথৰ গঠন হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

কিডনীৰ পাথৰ অস্ত্ৰোপচাৰৰ দ্বাৰাহে চিকিৎসা কৰিব পাৰি। বৃক্কৰ বেছিভাগ পাথৰ সৰু আৰু কেইসপ্তাহমানৰ ভিতৰতে স্বাভাৱিকভাৱে শৰীৰৰ পৰা ওলাই যায়। চিকিৎসকে বিষ কমোৱাৰ বাবে ঔষধ দিব পাৰে আৰু পাথৰবোৰ পাছ কৰাত সহায় কৰিব পাৰে।

যদিও বৃক্কৰ পাথৰ এবাৰ গঠন হ’লে পুনৰ আহিব পাৰে, তথাপিও খাদ্য আৰু জীৱনশৈলীৰ পৰিৱৰ্তন কৰিলে ইয়াৰ আশংকা হ্ৰাস কৰিব পাৰি। পৰ্যাপ্ত পৰিমাণৰ পানী খোৱা, নিমখৰ পৰিমাণ কম কৰা, কেলচিয়াম আৰু আঁহযুক্ত খাদ্য খোৱা, নিয়মিত ব্যায়াম কৰা আদিয়ে বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা হ্ৰাস কৰাত সহায়ক।

Exit mobile version