Site icon Guwahati Times

কিয় ভাইফোঁটাৰ পৰাই বন্ধ হয় কেদাৰনাথ মন্দিৰৰ দুৱাৰ? জানি থওক প্ৰকৃত কাৰণ

এই বছৰ ১৫ নৱেম্বৰ বুধবাৰে পালিত হ’ল ভাইফোঁটা বা ভাতৃদ্বিতীয়া। প্ৰতি বছৰৰ দৰে এইবাৰো ভাইফোঁটাৰ দিনাই বন্ধ হ’ল কেদাৰনাথ মন্দিৰৰ দৰ্জা। ইয়াৰ সৈতে এই বছৰৰ চাৰধাম যাত্ৰা বন্ধ হ’ল। ছমাহ মন্দিৰ বন্ধ থকাৰ পাছত আগন্তুক বৰ্ষত অক্ষয় তৃতীয়াৰ পাছত হিন্দুসকলৰ অন্যতম গুৰুত্বপূৰ্ণ এই তীৰ্থক্ষেত্ৰ খুলি দিয়া হ’ব। বুধবাৰে ভাইফোঁটাৰ দিনা কেদাৰৰ পঞ্চমুখী মূৰ্তি পালকিৰে ধৰ্মীয় গীত, বাদ্য আৰু সেনাৰ বেণ্ডসহকাৰে ওখিমঠত শ্ৰী ওমকাৰেশ্বৰ মন্দিৰত নমাই অনা হয়। তাৰ পিছতেই পালকিৰ সৈতে নামি আহে ভক্তগণো। অহা ছমাহলৈ কেদাৰনাথত আৰু কোনো ভক্তই প্ৰৱেশ নকৰে। ওখিমথত অৱস্থিত শ্ৰী ওমকাৰেশ্বৰ মন্দিৰতেই বাবা কেদাৰৰ পূজা অৰ্চনা কৰিব ভক্তগণে।

কিয় ভাইফোঁটাৰ পৰাই বন্ধ হয় কেদাৰনাথ মন্দিৰৰ দৰ্জা?

প্ৰৱল শীতৰ কাৰণে বছৰত ছমাহ বন্ধ থাকে কেদাৰনাথ মন্দিৰৰ দুৱাৰ। বৰফৰ চাদৰে সেই সময়ত কেদাৰনাথ মন্দিৰ ঢাকি ৰাখে। সেই কাৰণেই বছৰৰ ছমাহ মন্দিৰ বন্ধ কৰি দিয়া হয়। কিন্তু কিয় ভাইফোঁটাৰ দিনটোৱেই দুৱাৰ বন্ধ কৰাৰ বাচি লোৱা হৈছে সেই বিষয়টো বহুতেই নাজানে। ইয়াৰ আঁৰত আছে বিশেষ কাহিনী। পুৰাণ অনুসৰি দ্বাপৰ যুগত মহাভাৰতৰ যুদ্ধৰ পাছত পঞ্চপাণ্ডৱ আৰু দ্ৰৌপদীয়ে হিমালয় পৰিভ্ৰমণৰ বাবে ওলাইছিল। সেই সময়তেই কেদাৰনাথ মন্দিৰ নিৰ্মাণ কৰা হৈছিল আৰু মহাদেৱৰ উদ্দেশ্যেৰে উৎসৰ্গা কৰা হৈছিল। তাতেই যুদ্ধত নিহত আত্মীয়ৰ নামত তৰ্পনো কৰিছিল পঞ্চপাণ্ডৱে। আৰু তৰ্পণৰ সেই দিনটোতেই আছিল ভাতৃদ্বিতীয়াও।

ইয়াৰোপৰি ভাতৃদ্বিতীয়াৰ দিনাৰ পৰাই শীত আৰম্ভ হয় বুলি ধৰা হয়। ইয়াৰ পাছৰে পৰাই প্ৰৱল ঠাণ্ডাই আচ্ছন্ন কৰি ৰাখে হিমালয়ৰ দুৰ্গম অঞ্চলত অৱস্থিত কেদাৰধামকো। সেই সময়ত এই স্থানত মানুহ থকাৰো পৰিবেশ নাথাকে। সেয়ে প্ৰতিবছৰে ভাইফোঁটাৰ দিনা কেদাৰনাথ মন্দিৰ বন্ধ কৰি দিয়া হয় আৰু বাবা কেদাৰৰ বিগ্ৰহ নমাই অনা হয় ওখিমঠলৈ। সমস্ত ৰীতি নীতি মানি এই দিনটোত কেদাৰ ধামৰ দৰ্জা বন্ধ কৰি দিয়া হয়। তাৰপিছতেই মহাশিৱৰাত্ৰীতহে পুনৰ এই মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে খুলি দিয়া হয়।

Exit mobile version