Site icon Guwahati Times

কি লক্ষণ দেখিলে হিট ষ্ট্ৰ’ক হোৱা বুলি বুজিব? কাৰোবাৰ হিট ষ্ট্ৰ’ক হ’লে কি কৰিব? জানক সবিশেষ

এই প্ৰচণ্ড গৰমত পথাৰত আৰু বাহিৰত কাম কৰা লোকসকল হিট ষ্ট্ৰ’কত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি। প্ৰখৰ তাপত যেতিয়া শৰীৰৰ উষ্ণতা ১০৪ ডিগ্ৰী ফাৰেনহাইটৰ ওপৰত বৃদ্ধি পায় তেতিয়া শৰীৰৰ ঘৰ্মগ্ৰন্থীবোৰ বন্ধ হৈ যায়। যাৰ ফলত শৰীৰৰ উষ্ণতা অত্যধিক বৃদ্ধি পায়, কিন্তু ঘামৰ ফলত শৰীৰ শীতল হ’ব নোৱাৰে। ফলত হিট ষ্ট্ৰ’ক হোৱা দেখা যায়।

কিন্তু হিট ষ্ট্ৰ’ক হ’লে কেনেকৈ বুজিব? কাৰোবাৰ হিট ষ্ট্ৰ’ক হ’লে কি কৰা উচিত? নিশ্চয় নাজানে? কিন্তু এই গ্ৰীষ্মকালত এই কেইটামান কথা জনাটো অতি প্ৰয়োজনীয়। এই কথা জানিলে যিকোনো সময়তে আপোনাৰ উপযোগী হ’ব পাৰে। এই সন্দৰ্ভত বিশেষজ্ঞসকলে কি কয় চাওঁ আহক।

এই প্ৰসংগত ডাঃ মিল্টন বিশ্বাসে কয় যে হিট ষ্ট্ৰ’ক হ’লে শৰীৰৰ উষ্ণতা ১০৪ ডিগ্ৰী ফাৰেনহাইটতকৈ অধিক হয়। লক্ষণসমূহ হ’ব পাৰে হঠাতে মূৰ ঘূৰোৱা, মূৰৰ বিষ, দৃষ্টিশক্তি ম্লান হোৱা আৰু কথা ক’ব নোৱাৰা, হঠাতে উশাহ-নিশাহ লোৱাত অসুবিধা হোৱা, হৃদস্পন্দন বৃদ্ধি আদি।

এনে লক্ষণ দেখা দিলে কি কৰিব?
যাৰ শৰীৰত এনে লক্ষণ দেখা দিয়ে তেওঁক লগে লগে ছাঁ থকা ঠাইলৈ লৈ গৈ ঠাণ্ডা পানী বা বৰফ মানুহজনৰ শৰীৰৰ ওপৰত ঢালি দিব লাগে। আৰু যিকোনো কপাহী কাপোৰ তিয়াই মানুহজনৰ শৰীৰটো বাৰে বাৰে মচিব লাগে। যদি হিট ষ্ট্ৰোকত আক্ৰান্ত ব্যক্তিজন সচেতন অৱস্থাত থাকে তেন্তে তেওঁক ঠাণ্ডা পানী খাবলৈ দিব পাৰি। কিন্তু পিছত ব্যক্তিজনক চিকিৎসালয়লৈ লৈ যোৱা উচিত।

Exit mobile version