Site icon Guwahati Times

কৃতি শিক্ষক অনিল কলিতালৈ মুখ্যমন্ত্ৰীৰ বিহুৱান আৰু বিহুৰ শুভেচ্ছা প্ৰেৰণ

পলাশবাৰী,২ এপ্ৰিল: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা ব্যক্তি, শিল্পী-সাহিত্যিক, ক্ৰীড়াবিদ, শিক্ষাবিদ, সমাজসেৱক আদি বিভিন্নজনলৈ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা আৰু বিহুৱান প্ৰেৰণ কৰিছে ৷ সমগ্ৰ ৰাজ্যখনৰ লগতে কামৰূপ জিলাৰ বিশিষ্ঠ ব্যক্তি, শিক্ষক সমাজ আদিলৈ মুখ্যমন্ত্ৰীয়ে আগবঢ়াইছে বিহুৱান আৰু শুভেচ্ছাবাণী ৷ দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ হুদুমপুৰ নিবাসী তথা ৩১ নং দহালী প্ৰাথমিক বিদ্যালয়ৰ কৃতি প্ৰধান শিক্ষক অনিল কলিতাৰ আজি বাসগৃহলৈ গৈ ৰামপুৰ খণ্ড প্রাথমিক শিক্ষা বিষয়াৰ কার্য্যালয়ৰ জেষ্ঠ গাণনিক হিতেশ কলিতা, চি আৰ চি চি পার্থপ্রতিম ৰাভা আৰু জাহ্নুদেৱ কলিতাই মুখ্যমন্ত্ৰীয়ে আগবঢ়োৱা বিহুৱান আৰু শুভেচ্ছাবাণী প্ৰদান কৰে ৷ উল্লেখ্য, মুখ্যমন্ত্ৰীৰ এই পদক্ষেপক প্ৰশংসাৰে ওপচাই তুলিছে বহুজনে ।

Exit mobile version