Site icon Guwahati Times

কেৱল প্ৰস্ৰাৱৰ ৰঙেই নহয়, আন লক্ষণবোৰৰ পৰা চিনাক্ত কৰিব পাৰি বৃক্কৰ ৰোগ

বৃক্ক হৈছে মানৱ শৰীৰৰ এক অত্যাৱশ্যকীয় অঙ্গ, ইয়াৰ মুখ্য কাম হৈছে দূষিত পদার্থ নিষ্কাশন কৰা। যদি বৃক্কৰ কোনো ধৰণৰ সমস্যা থাকে, তেন্তে এজন মানুহ অসুস্থ হ’ব পাৰে, লগতে পেটত তীব্ৰ বিষ হ’ব পাৰে। বৃক্ক বিকল হোৱাৰ পিছত বহুবাৰ যন্ত্ৰৰ জৰিয়তে ডায়েলাইচিছ কৰিব লগা হয় আৰু তেতিয়াহে বিষাক্ত পদাৰ্থবোৰ শৰীৰৰ পৰা ওলাই আহিব পাৰে। বৃক্কৰ ৰোগৰ ডাঙৰ সমস্যাটো বহু পলমকৈ ধৰা পৰে। অৱশ্যে, কিছুমান গুৰুত্বপূৰ্ণ লক্ষণৰ জৰিয়তে, সময়মতে বৃক্কৰ ৰোগৰ আশংকা চিনাক্ত কৰিব পাৰে।

• বৃক্কৰ ৰোগৰ সতৰ্কবাণী চিহ্নঃ

~ প্ৰস্ৰাৱৰ ৰং সলনি হোৱা

সাধাৰাণতে কোৱা হয় যে, বৃক্কৰ মুখ্য কাম হৈছে শৰীৰত থকা তৰলবোৰ ফিল্টাৰ কৰা, যদি ইয়াৰ কাৰ্যত সামান্য অসুবিধা উৎপন্ন হয়, ইয়াৰ প্ৰভাৱ প্ৰস্ৰাৱৰ ৰঙত স্পষ্টভাৱে দেখা যায়। তেতিয়া, প্ৰস্ৰাৱৰ ৰং গাঢ় হালধীয়া, প্ৰস্ৰাৱত ফেন ওলোৱা সঘনাই প্ৰস্ৰাৱ লগা ইত্যাদি হয়। এনে পৰিস্থিতিত, লগে লগে প্ৰস্ৰাৱ পৰীক্ষা কৰিব লাগে।

~ ভাগৰ লগা

বৃক্কৰ সমস্যা হ’লে শৰীৰত আইৰণ আৰু বহু প্ৰকাৰৰ পুষ্টিৰ অভাৱ হয়। ইয়াৰ লগতে, লোহিত ৰক্ত কণিকাবোৰো হ্ৰাস হ’বলৈ ধৰে, এইবোৰ হৈছে কোষ যি তেজত অক্সিজেনৰ স্তৰ বজাই ৰাখে। এইকাৰণেই মানুহে ৰক্ত কণিকাৰ অভাৱৰ বাবে ভাগৰুৱা অনুভৱ কৰিব লগা হ’ব পাৰে।

~ উশাহ-নিশাহত দুৰ্গন্ধ

উশাহ-নিশাহত দুৰ্গন্ধ ওলোৱাৰ আঁৰত বহুতো কাৰণ থাকিব পাৰে, যাৰ ভিতৰত আছে মুখ আৰু দাঁত পৰিষ্কাৰ নকৰা, পিয়াজ-নহৰু খোৱা আৰু কুলকুলি নকৰা, কিন্তু যদি এনে সমস্যা নোহোৱা স্বত্বেও মুখৰ গোন্ধ ওলাই থাকে, তেন্তে সতৰ্ক হোৱাটো প্ৰয়োজনীয়, কিয়নো এইবোৰ বৃক্কৰ ৰোগৰ প্ৰাৰম্ভিক লক্ষণ হ’ব পাৰে।

~ ছালৰ ৰোগ

বৃক্কৰ সঠিক কাৰ্য ক্ষমতা নোহোৱাৰ বাবে, শৰীৰত লেতেৰা পদাৰ্থ জমা হ’বলৈ ধৰে, যাৰ প্ৰভাৱ মানুহৰ ছালতো স্পষ্টভাৱে দেখা যায়। এনে পৰিস্থিতিত, সংক্ৰমণৰ আশংকা বৃদ্ধি হয়, লগতে শৰীৰ আৰু মুখমণ্ডলত দাগ ওলাব পাৰে।

বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত

Exit mobile version