Site icon Guwahati Times

কোকৰাঝাৰত ইউপিপিএলৰ সংবাদমেল

[] হাগ্ৰামাক শ্ৰীৰামপুৰ চিণ্ডিকেটৰ নেতা আখ্যা

[] শ্ৰীৰামপুৰৰ চিণ্ডিকেটৰ ধনেৰে টকাৰ পাহাৰ বনাইছিল হাগ্ৰামাই

[] কোকৰাঝাৰৰ পৰা গুৱাহাটী -শিলীগুৰীলৈকে অগাধ সম্পত্তিৰ পাহাৰ গঢ়িচে হাগ্ৰামাই

ষ্টাফ ৰিপৰ্টাৰ/কোকৰাঝাৰ ৫ মে :- শ্ৰীৰামপুৰত চিণ্ডিকেটৰ জৰিয়তে লাভ কৰা কৌটি কৌটি টকাৰে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলিৰীয়ে কোকৰাঝাৰৰ পৰা গুৱাহাটী , কোকৰাঝাৰৰ পৰা শিলীগুৰীলৈকে অগাধ সম্পত্তি পাহাৰ গঢ়িছে । হাগ্ৰামাৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীয়ে ।
ইউপিপিএলৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি ইউপিপিএল দলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীয়ে উক্ত অভিযোগ কৰি হাগ্ৰামা মহিলাৰীক ক্ষুৰাধাৰ সমালোচনা কৰে । হাগ্ৰামা মহিলাৰীহে বিগত ২০০৩ চনৰ পৰা ২০১৭ চনলৈ শ্ৰীৰামপুৰত চিণ্ডিকেটৰ নেতা আছিল আৰু সেই সময়ছোৱাত হাগ্ৰামাই চিণ্ডিকেটৰ জৰিয়তে কোটি কোটি টকা সংগ্ৰহ কৰিছিল ৷ হাগ্ৰামাই শ্ৰীৰামপুৰৰ চিণ্ডকেটৰ টকাৰে কোকৰাঝাৰত ,গুৱাহাটী, শিলিগুৰীত সম্পত্তিৰ ক্ৰয় কৰাৰ লগতে ঠায়ে ঠায়ে ৰিৰ্জট , হোটেল ,ক্ৰেচাৰ ,নাৰ্চিংহোম গঢ়ি সম্পত্তিৰ পাহাৰ গঢ়া বুলি গুৰুতৰ অভিযোগ কৰে ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীয়ে ৷ চিণ্ডিকেটৰ ধনেৰে টকাৰ পাহাৰ বনোৱা হাগ্ৰামা মহিলাৰীয়ে এতিয়াও চিণ্ডিকেটৰ সপোন দেখি থাকে বুলি মন্তব্য কৰি ৰাজু নাৰ্জাৰীয়ে হাগ্ৰামা মহিলাৰী বডোলেণ্ড অঞ্চলৰ নেতা , তেওঁ শ্ৰীৰামপুৰৰ চিণ্ডিকেটৰ নেতা বলিহে আখ্যা দিয়ে ৷ আনহাতে
জিএচটি বলৱৎ হোৱাৰ পিছত আন্ত:ৰাজ্যিক গেটসমুহ বন্ধ হৈ গ’ল আৰু সেয়েহে এতিয়া কতোৱেই চিণ্ডিকেট নাই বুলি মন্তব্য কৰি ৰাজু নাৰ্জাৰীয়ে হাগ্ৰামা মহিলাৰীক ভিত্তিহীন কথা নকবলৈ আহ্বান জনাইছে।


ইপিনে আজিৰ সংবাদমেলতে ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীৱে ইউপিপিএলৰ জনদৰদী আঁচনিৰ বিষয়ে অৱগত কৰে। বিটিআৰত এতিয়া শান্তি বিৰাজ কৰিছে বুলি মন্তব্য কৰি যি কাম পূৰ্বতে অসম্ভৱ আছিল সেয়া এতিয়া সম্ভৱ হৈছে আৰু সকলোৰে মাজত মিলাপ্ৰীতি-সদ্ভাৱ হৈছে । মাটিৰ সমস্যা ৮০ শতাংশ সমাধান হৈছে আৰু জনতাৰ সমস্যা সমাধানত চৰকাৰে সদায় অগ্ৰাধিকাৰ দিয়ে বুলিও মন্তব্য কৰে ৰাজু নাৰ্জাৰীয়ে। তদুপৰি চুপাৰ ৫০ মিছনৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকল উপকৃত হোৱা, জ্ঞান সৌৰাং বিথাংকি আৰু অঞ্চাই বিথাংকি আঁচনিৰ দ্বাৰা দুখীয়া ছাত্ৰ -ছাত্ৰী আৰু দুখীয়া মহিলাসকল উপকৃত হোৱাৰ বিষয়ে সদৰি কৰে ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীয়ে । আজিৰ সংবাদমেলত ইউপিপিএল দলৰ এগৰাকী সম্পাদক খগেন ডেকা আৰু মহিলা মৰ্চাৰ এগৰাকী সম্পাদিকা মৰ্ছিদা বেগম উপস্থিত আছিল ।

Exit mobile version