কোভিড পজিটিভ যুৱকৰ ভয়ংকৰ কাণ্ড! বিবাহৰ অনুষ্ঠানত উপস্থিত থাকি বিয়পালে ভাইৰাছ, ছীল কৰা হ’ল সমগ্ৰ গাঁও

1 min read

দেশত কোভিড সংক্ৰমণৰ হাৰ আৰু মৃত্যুৰ ঘটনাই সকলোকে আচৰিত কৰি ৰখাৰ সময়তো কাণসাৰ নাই একাংশ লোকৰ। এজনৰ পৰা আন বহু লোকলৈ যাতে সংক্ৰমিত নহয়, তাৰ বাবে কোভিড আক্ৰান্তক সুকীয়াকৈ থাকিবলৈ চৰকাৰৰ তৰফৰ পৰা বাৰম্বাৰ নিৰ্দেশনা জাৰি কৰা হৈছে যদিও সজাগ হোৱা নাই একাংশ লোক।

এনে এচাম লোকৰ অবিবেচকী কাণ্ডৰ ভুলৰ পৰিণাম ভোগ কৰিবলগীয়া হৈছে বহু লোকে। শেহতীয়াকৈ তেনেই এক ঘটনা পোহৰলৈ আহিছে মধ্য প্ৰদেশৰ টিকমগড় জিলাৰ ৱাকায়া পৃথ্বীপুৰ খণ্ডৰ লুহাৰৱা গাঁৱত। য’ত এগৰাকী ২৪ বছৰীয়া যুৱক অৰুণ মিশ্ৰাৰ ভুলৰ পৰিণাম ভোগ কৰিবলগীয়া হৈছে সমগ্ৰ গাঁৱৰ বাসিন্দাই।

জানিব পৰা মতে, ২৭ এপ্ৰিলত কৰা কোভিড পৰীক্ষাৰ অন্তত কোভিড পজিটিভৰূপে চিনাক্ত হৈছিল অৰুণ মিশ্ৰা নাামৰ যুৱকজন। কিন্তু কোৱাৰেণ্টাইন হোৱাৰ বিপৰীতে অনাই-বনাই সকলোতে ঘূৰি ফুৰিছিল অৰুণে। প্ৰশাসনেও সেই সময়ত এই সম্পৰ্কত অৰুণৰ ঘৰত কোনোধৰণৰ জাননী দিয়া নাছিল। যাৰ বাবে নিৰ্ভয়ে ২৯  এপ্ৰিলত গাঁৱৰ এখন বিবাহ অনুষ্ঠানত অংশ লৈছিল অৰুণে আৰু সকলো ৰীতি-নীতিতে দৰা পৰিয়ালৰ সৈতে বিয়াখনত উপস্থিত থকাৰ লগতে দৰা-কইনাৰ সৈতে ফটোশ্বুটো কৰিছিল।

কেৱল এয়াই নহয়, বিবাহৰ অনুষ্ঠান খাদ্য পৰিৱেশন কৰাৰ পৰা আদি কৰি নৃত্য কৰালৈ সকলো কাৰ্যসূচীতে আছিল অৰুণ আৰু এনেদৰেই তেওঁ গাঁওবাসীৰ মাজত বিয়পাই দিছিল কোভিডৰ সংক্ৰমণ।

কিন্তু যেতিয়াই গাঁওবাসীয়ে অৰুণ কোৰোণা সংক্ৰমিত হোৱাৰ খবৰ লাভ কৰে, তেতিয়াই কম্পিত হৈ পৰে সকলো। পিছত প্ৰশাসনে গাঁওবাসীৰ স্ক্ৰীণিং আৰু নমুনা সংগ্ৰহ কৰাত ৪০ গৰাকীৰো অধিক লোক কোভিড পজিটিভৰূপে চিনাক্ত হয়। আৰু প্ৰশাসনে তৎকালীনভাৱে গোটেই গাঁওখন ছীল কৰি দিয়াৰ লগতে চলাচলত নিষিদ্ধ আৰোপ কৰে।

You May Also Like

More From Author