Site icon Guwahati Times

কোৰোণাত আক্ৰান্ত তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁই

তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁই কোভিড–১৯ত আক্ৰান্ত হৈছে। বৃহস্পতিবাৰে লাভলীনাৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ইটালী ভ্ৰমণৰ প্ৰাকমুহূৰ্তত লাভলীনাৰ দেহত ধৰা পৰিল কোভিড পজিটিভ। গুৱাহাটীৰ পৰা উভতি যোৱাৰ পিছতেই পাটিয়ালাত লাভলীনাৰ দেহত ধৰা পৰিছে কোভিড। সংবাদ মাধ্যমক এই কথা জনাইছে ছাই–এ।

সম্প্ৰতি নতুন দিল্লীৰ বাট্ৰা হাস্পতালত ভৰ্তি কৰোৱা হৈছে লাভলীনাক। লাভলীনাৰ স্বাস্থ্যক লৈ বিশেষ চিন্তা কৰিবলগীয়া নাই বুলি নতুন দিল্লীৰ পৰা জনাইছে ভাৰতীয় বক্সিঙৰ কোষাধ্যক্ষ হেমন্ত কলিতাই।

টকিঅ’ অলিম্পিক গেমছৰ পূৰ্বে অতি গুৰুত্বপূৰ্ণ ইটালী ভ্ৰমণৰ সুবিধা পায়ো হেৰুৱালে লাভলীনা বৰগোহাঁয়ে। ইটালীলৈ উৰা মাৰাৰ পূৰ্বে লাভলীনাৰ দেহত ধৰা পৰিল কোভিড পজিটিভ। গুৱাহাটীৰ পৰা উভতি যোৱাৰ পিছতেই নতুন দিল্লীত লাভলীনাৰ দেহত ধৰি পৰিছে কভিড–১৯।
আইবা বিশ্ব মহিলা বক্সিঙৰ দুবাৰৰ পদক বিজয়ী ২২ বছৰীয়া লাভলীনা বৰগোহাঁইয়ে দীৰ্ঘ সময়ৰ মূৰত ৫২ দিনীয়া ইটালী ভ্ৰমণৰ বাবে আগ্ৰহেৰে বাট চাই আছিল। অসমৰ ক্ৰীড়া প্ৰেমীয়ে আশা কৰিছে লাভলীনাই শীঘ্ৰে কোভিডৰ বিৰুদ্ধে যুঁজত জয়ৰে পুনৰ উভতি আহিব ৰিঙলৈ।
Source: News 18 Assam
Exit mobile version