কৰণাৰ সজাগতাৰ বাবে এইবাৰ ওলাই আহিল মঙলদৈৰ সাংবাদিক সকল

1 min read

মাস্ক পৰিধান নকৰা সকলৰ হাতত তুলি দিলে একোখনকৈ মাস্ক |

মঙলদৈ ইলেকট্ৰনিক মিডিয়া ফৰামৰ উদ্যোগত আজি কৰুণাৰ এক সজাগতা যাত্ৰা আৰম্ভ হয় |

কালৰূপী কৰণা দৰঙত তীব্রৰুপ ধাৰণ কৰাৰ লগতে কেবাজনৰো প্রাণ কাঢ়ি নিলে |
জিলাখনত কৰোনা ৰোগীৰ সংখ্যা প্রায় চাৰি হাজাৰৰ দিশে |

এনে এক জটিল পৰিস্থিতিৰ মাজতো একাংশ নাগৰিকৰ মাজত নাই কোনো সচেতনতা। নাই সামাজিক দূৰত্ব |

একাংশই নামানে চৰকাৰ তথা স্বাস্থ্য বিভাগৰ আহ্বান।

এই পৰিৱেশৰ মাজতে ৰাইজক সজাগ কৰিবলৈ ওলাই আহিল মঙলদৈ ইলেক্ট্ৰনিক মিডিয়া ফৰাম ৷

ৰাইজক কৰ’না বিধি মানি চলিবলৈ আহ্বান জনোৱাৰ উদ্দেশ্যৰে মঙলদৈ চহৰৰ মাজ মজিয়াত এখন সজাগতা মুলক সভা অনুষ্ঠিত কৰিলে |

সাংবাদিক সকলে সজাগতা যাত্ৰা কৰি মাস্ক পৰিধান নকৰা লোকক মাস্ক প্ৰদান কৰি সামাজিক দূৰত্ব বজাই ৰাখি নিজৰ লগতে আনৰো জীৱন বচাবলৈ আহবান জনাই ৷

অনুষ্ঠানত দৰং জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰা, আৰক্ষী অধীক্ষক অমৃত ভূঞা,মঙলদৈ সদৰ আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া সহ ল বিভিন্ন সংগঠনৰ নেতা সকল |

সভাত জিলা উপায়ুক্তই মাস্ক পৰিধান নকৰা তথা সামাজিক দূৰত্ব মানি নচলা লোকৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনক অধিক কঠোৰ হবলৈ নিৰ্দেশ প্রদান কৰে |

You May Also Like

More From Author