Site icon Guwahati Times

খালী পেটত তিয়াই থোৱা বুট খালে শৰীৰৰ বহু সমস্যা নাইকিয়া হৈ যাব…

তিয়াই থোৱা বুট খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। যদি আপুনি দৈনিক তিয়াই ৰখা বুট খায় তেন্তে আপুনি বহুত উপকাৰ পাব পাৰে। যদি আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিব বিচাৰে তেন্তে আপুনি দৈনিক তিয়াই থোৱা বুট খাবলৈ আৰম্ভ কৰিব লাগে। তিয়াই থোৱা বুটত প্ৰটিন, ফাইবাৰ আৰু কেলচিয়াম থাকে। প্ৰতিদিনে ৰাতিপুৱা খালী পেটত তিয়াই থোৱা বুট খালে স্বাস্থ্যৰ কি কি উপকাৰ হয় জানো আহক-

হজম শক্তি উন্নত হয় –
দৈনিক তিয়াই থোৱা বুট খালে হজম শক্তি উন্নত হয়, কাৰণ বুটত আঁহৰ পৰিমাণ বেছি। যিয়ে পেটৰ বিষাক্ত পদাৰ্থ ফ্লাছ আউট কৰাত সহায় কৰে। যদি আপুনি পাচনতন্ত্ৰৰ সমস্যাত অসুবিধাৰ সন্মুখীন হৈছে তেন্তে তিয়াই থোৱা বুট খাব পাৰে।

হৃদযন্ত্ৰৰ স্বাস্থ্যৰ উন্নতি –
তিয়াই থোৱা বুট খালে আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত হয়। বুটত থকা পটাছিয়াম আৰু মেগনেছিয়ামো হৃদযন্ত্ৰৰ বাবে উপকাৰী। যদি আপোনাৰ হৃদৰোগ আছে তেন্তে আপুনি দৈনিক তিয়াই থোৱা বুট খাব লাগে।

ওজন কমোৱাত সহায় কৰে-
ইয়াৰ দ্বাৰা ওজন কমোৱাৰ আটাইতকৈ সহজ উপায়। যদি আপুনি ওজন কমাব বিচাৰে তেন্তে প্ৰতিদিনে খালী পেটত তিয়াই থোৱা বুট খাব পাৰে। বুটত প্ৰচুৰ পৰিমাণে আঁহ থাকে। সেয়েহে প্ৰতিদিনে ৰাতিপুৱা তিয়াই থোৱা বুট খাব লাগে।

Exit mobile version