বলীউডৰ পৰা প্ৰায় নোহোৱা হৈ গৈছিল আমিশা পেটেল। সেই আমিশা পেটেলে ‘গদৰ ২’ ছবিখনৰ জৰিয়তে পুনৰ প্ৰত্যাৱৰ্তন কৰিছে আৰু বিনিময়ত লাভ কৰিছে সফলতা। কিন্তু সেই ছবিখনৰে পৰিচালক অনিল শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰিছে অভিনেত্ৰীগৰাকীয়ে। আমিশাই পৰিচালকগৰাকীৰ বিৰুদ্ধে উত্থাপন কৰিছে এটাৰ পিছত আনটো অভিযোগ। এক সাক্ষাৎকাৰত আমিশাই কয় যে, “গদৰ ২’ৰ তাৰা সিং আৰু ছাকিনা (ছানি দেউল আৰু আমিশাই অভিনয় কৰা চৰিত্ৰ) ই যদি পৰ্যাপ্ত স্ক্ৰীণ টাইম নাপায় তেন্তে তেওঁ ছবিখন নকৰে।”
আমিশাৰ মতে, “তাৰা আৰু ছাকিনাৰ বাবেই দৰ্শকে ছবিখন চাবলৈ আহিছে। দৰ্শকে তাৰা আৰু ছাকিনাৰ সৈতে একাত্ম। ঠিক যেনেকৈ লিঅ’নাৰ্ডো ডিকেপ্ৰিঅ’ আৰু কেট উইন্সলেটৰ অবিহনে টাইটানিক সম্ভৱ নহয়।”
এই প্ৰসংগত পৰিচালক অনিল শৰ্মাই কয়, “আমিশাজীয়ে ছবিখনৰ দৃশ্যগ্ৰহণৰ সময়ত বহু কথায়ে কৈছিল। মই সেই বিষয়ে মন্তব্য দিব নিবিচাৰো। মই তেওঁক সন্মান কৰো আৰু আগলৈও কৰি যাম। ছাকিনাৰ চৰিত্ৰটো মোৰ হৃদয়ৰ পৰাই জন্ম হৈছিল, তেওঁৰ নহয়। মই নিজেও নাজানো গদৰ ৩-ৰ কি হ’ব। তেওঁৰ ভবাত বা কোৱাতনো কি হ’ব? মই আনন্দিত যে তেওঁ গদৰৰ সৈতে ইমানখিনি জড়িত হৈ আছে। মই তেওঁৰ প্ৰতি কৃতজ্ঞ, ধন্যবাদ জনাইছো। তেওঁ ভাল বেয়া যিয়ে নকওক সেইটো তেওঁৰ কথা।”
অনিলৰ লগত তেওঁৰ সম্পৰ্ক কেতিয়াও ভাল নাছিল বুলি আমিশাই কয়। অৱশ্যে অভিনেত্ৰীগৰাকীয়ে পৰিচালকজনক নিজৰ পৰিয়ালৰ দৰে বুলি গণ্য কৰে। তেওঁ দাবী কৰে যে অনিলৰ হৃদয়ৰ পৰা নহয়, তৰোৱালৰ দৰে শক্তিশালী সাহিত্যিকৰ কলমৰ পৰাহে ছাকিনাৰ জন্ম হৈছিল। অনিলে প্ৰথমে ছাকিনাৰ চৰিত্ৰত অভিনয় কৰাটো নিবিচাৰিছিল বুলিও অভিযোগ কৰে আমিশাই। সেই চৰিত্ৰত মমতা কুলকাৰ্ণীক তেওঁ বিচাৰিছিল। তাৰকা হিচাপে বিচাৰিছিল গোবিন্দক। ছানী আৰু আমিশাক এই চৰিত্ৰটোৰ বাবে নিৰ্বাচিত কৰিছিল Zee Studioই।
কিন্তু ইয়াতেই শেষ হোৱা নাই কাহিনী। আমিশাই অভিযোগ আনিছে যে চলচ্চিত্ৰখনৰ বহু কলা-কুশলীক এতিয়াও তেওঁলোকৰ প্ৰাপ্য পাৰিশ্ৰমিক প্ৰদান কৰা হোৱা নাই। অভিনেত্ৰীগৰাকীয়ে এই সন্দৰ্ভত টুইট কৰিছিল যদিও অনিলে তেওঁক টুইটটো ডিলিট কৰিবলৈ অনুৰোধ জনায় বুলি জনাইছে আমিশাই। আমিশাই কয়, “মোৰ এতিয়াও মেচেজবোৰ আছে। অনিলজীয়ে মোৰ ব্যৱসায়িক অংশীদাৰক টুইটবোৰ ডিলিট কৰিবলৈ কৈছিল।” অনিলৰ অনুৰোধ ৰক্ষা কৰি আমিশাইয়ো টুইটসমূহ ডিলিট কৰিছিল। তেওঁ কয় যে, “যিসকল কলা-কুশলীৰ পাৰিতোষিক এতিয়াও বাকী আছে তেওঁলোকৰ মেচেজ মোৰ হাতত আছে। তেওঁ (অনিল শৰ্মা) যি ধৰণে প্ৰডাকচন চম্ভালিছিল, সেয়া দেখি Zee Studio হতবাক হৈছিল। তেওঁলোকে সমস্যা চম্ভালিছিল। মোৰ সৈতে Zee Studio টীমৰ মেচেজো আছে।”

