গহপুৰত অত‍্যাৱশ‍্যকীয় সামগ্ৰী,প্ৰেট্ৰল-ডিজেল,ৰন্ধন গেছৰ মূল‍্যবৃদ্ধিৰ প্ৰতিবাদ আছুৰ – Guwahati Times
October 5, 2018

গহপুৰত অত‍্যাৱশ‍্যকীয় সামগ্ৰী,প্ৰেট্ৰল-ডিজেল,ৰন্ধন গেছৰ মূল‍্যবৃদ্ধিৰ প্ৰতিবাদ আছুৰ

সমগ্ৰ অসমতে সদৌ অসম সন্থাই আহবান জনোৱা অত‍্যাৱশ‍্যকীয় সামগ্ৰী,প্ৰেট্ৰল ডিজেলৰ আকাশলংঘি মূল‍্যবৃদ্ধিৰ লগতে গেছ চিলিণ্ডাৰৰ মূল‍্যবৃদ্ধিৰ প্ৰতিবাদত সদৌ গহপুৰ মহকুমা ছাত্ৰ সন্থাই বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাৰ নেতা কৰ্মীৰ লগতে ৰাইজে অৱস্থান কৰি শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে গৰজি উঠে।সংগঠনটোৱে বিভিন্ন শ্লোগান দি আকাশ বতাহ কপাই তোলে।

উল্লেখযোগ্য যে এই বিক্ষোভ কাৰ্যসূচীত ২৬ টা জাতীয় সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।

গহপুৰৰ পৰা মাধব শৰ্মাৰ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

error: Content is protected !!