24.4 C
Assam
Monday, May 29, 2023

Featured News

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

25 Candidates to Contest For 10 Posts in Gauhati Press Club election

Altogether 25 candidates are in the fray...

ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক

- ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক- ডিগবৈ...

গামোচাক টুকৰা কৰি সমন্বয়ৰ বাৰ্তা নেকি ?

Assamese Newsগামোচাক টুকৰা কৰি সমন্বয়ৰ বাৰ্তা নেকি ?

সমগ্ৰ অসমতে উঠিল প্ৰতিবাদৰ জোৱাৰ। একাংশই বিৰোধিতা কৰিলে গামোচাৰ এই অপমানক। কিন্তু ৰাজ্যৰ একাংশ আগশাৰীৰ লোকে ইয়াক সমৰ্থন কৰাহে দেখা যায়।ৰাজ্যৰ একাংশ আগশাৰীৰ ব্যক্তিৰ মতে এয়া এক ভাল কাম। ইয়াত কোনো ভুল নাই। সমন্বয় বুজাবলৈ গামোচাখন তেনেকৈ ব্যৱহাৰ কৰা হৈছে।

এয়া জানো গ্ৰহণ যোগ্য? গামোচাখনক অপমান কৰিলে কিয় গাত নালাগে একাংশৰ? কথাতে কয়, অসমীয়াই নিজৰটো ধৰি ৰাখিব নাজানে, অসমীয়া কেকোৰা জাতি। হয়তো অন্য ৰাজ্যত এনে এটা কাম কৰিবলৈ কোনোৱে সাহস নাপালেহেতেন। অসমত সাহস পাই, কাৰণ অসমৰ একাংশ মানুহৰ নিজস্বতা বুলিবলৈ একোৱেই নাই।

সমন্বয়ৰ প্ৰতীক বুলি কৈ যদি কোনোবাই অন্য দেশ আৰু ভাৰতৰ পতাকা জোৰা লগাই দিয়ে তেন্তে চৰকাৰ বা জনতাই মনে মনে থাকিব নেকি? অযুক্তিকৰ কথা কিছুমান মানুহৰ মুখত শোভা নাপায়।

গামোচাৰ এক বিশেষ পৰিচয় আছে। গামোচা অপমানৰ সমৰ্থন কৰা সকলে প্ৰতিজন অসমীয়াক সোধক গামোচা কি হয় । সমন্বয় গঢ়াৰ বহু উপাই আছে। কিন্তু প্ৰথমে নিজৰ খিনি নিজৰ হৈ থাকিবলৈ দিয়াতো ভাল। নহ’লে কেতিয়া নিজৰ ভৰিৰ তলৰ মাটি নোহোৱা হ’ব একাংশই গ’মেই নাপাব।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!