গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে ৫ মাৰ্চৰ পৰা ৮ মাৰ্চলৈ বিশ্ববিদ্যালয় সপ্তাহ “ইউফুজিম- ২৫” অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে বৰ্ণাঢ্য কাৰ্যসূচী গ্ৰহণ কৰিছে । সংগীত, নাটক, কলা, সাহিত্য বিভাগৰ লগতে ফটোগ্ৰাফী আৰু চিনেমা, প্ৰযুক্তি আৰু ইলেক্ট্ৰনিকছ, ইত্যাদি বহু ধৰণৰ প্ৰতিযোগিতাৰে চাৰিদিনীয়াকৈ অনুষ্ঠিত কৰিবলগীয়া এই বাৰ্ষিক উৎসৱৰ এই বছৰ থীম বা বিষয়বস্তু হৈছে–“অতীতলৈ উভতি চোৱা” । উল্লেখ্য যে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেল সম্বোধন কৰি বিশ্ববিদ্যালয় খনৰ পঞ্জীয়ক ড: দীপাংকৰ সাহা, বিশ্ববিদ্যালয়ৰ ডীন ড: মৈত্ৰেয়ী শৰ্মা, ইউফুজিম ৰ শিক্ষক সমন্বয়ক ড: জুন মণি কলিতা আৰু ইউফুজিম ৰ ছাত্ৰ ছাত্ৰী সমন্বয়ক সুগতা বৰুৱাই কয় যে–“এইবাৰৰ বিশ্ববিদ্যালয় সপ্তাহত প্ৰায় ২৫ টা প্ৰতিযোগিতাৰ লগতে বিভিন্ন ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে, য’ত থাকিব প্ৰায় আঢ়ৈ লাখ টকাৰ পুৰস্কাৰ । গোটেই অনুষ্ঠানটোৰ বিভিন্ন মিডিয়া অংশীদাৰ সকলৰ ভিতৰত আছে জিপ্লাছ , ৯২.৭ বিগ এফ এম আৰু প্ৰতিদিন টাইমৰ । এই বছৰ ”ইউফুজিম” ২০২৫ ৰ টাইটেল স্পনছৰ হ’ব কোকাকোলা । আন অংশীদাৰসকল হৈছে ক্ৰাফটি একজামশাস্ত্ৰজ, দি এচ এন্টাৰপ্ৰাইজ, দি’ৱেভ ষ্টুদিঅ’, নিউলাইক্ম আৰু ৰাহি ট্ৰেভেল এণ্ড হস্পিতালিটি পাৰ্টনাৰ । প্ৰতিবছৰৰ দৰে এইবাৰৰ ১৪ সংখ্যক ইউফুজিমে এক বৰ্ণাঢ্য কাৰ্যসূচী গ্ৰহণ কৰিছে। ইউফুজিম- ২৫ ৰ এইবাৰৰ মুখ্য আকৰ্ষণ হৈছে বলীউদৰ সংগীত শিল্পী আছিছ কৌৰৰ সংগীত পৰিৱেশন। সংগীত শিল্পী আছিছ কৌৰে অহা ৮ মাৰ্চত সংগীত পৰিৱেশন কৰিব । ইয়াৰ উপৰি শ্ৰীমন্ত শংকৰদেৱৰ সন্মানাৰ্থে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা অহা ৬ মাৰ্চৰ সন্ধিয়া ৫ বজাৰ পৰা “নৃসিংহ মূৰাৰী” শীৰ্ষক এখন ভাওনা প্ৰদৰ্শন কৰা হ’ব । এই বছৰৰ অন্যান্য মূল অনুষ্ঠানসমূহৰ ভিতৰত আছে মিষ্টাৰ আৰু মিছ জিচিইউ, ৰ’ব’ ছকাৰ আৰু ৰ’ব’ ৰেচ, চাৰ্কিট্ৰিক্স, গেমথন আৰু জিচিইউ হেকাথন, ফ’ক ফিউজন ফিয়েষ্টা, লাউড এণ্ড লাইভ, চিম্ফনী ছাগা, ষ্ট্ৰীট বেটল আৰু এক বাৰেৰহনীয়া সাংস্কৃতিক ৰেলী।
উল্লেখ্য যে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বাৰ্ষিক উৎসৱ “ইউফুজিম” কেৱল মনোৰঞ্জন, জ্ঞান বিনিময় বা ব্ৰেণ্ড প্ৰচাৰ ইত্যাদিৰ এক উৎকৃষ্ট সুযোগ প্ৰদান কৰা ক্ষেত্ৰই নহয়, ই হৈছে ছাত্ৰ ছাত্ৰীসকলৰ অন্তৰ্নিহিত প্ৰতিভা বিকাশ সাধন কৰাৰ এখন উৰ্বৰ মঞ্চ l
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ইউফুজিম ২০২৫

