Site icon Guwahati Times

গুৱাহাটীৰ চানমাৰি উৰণ সেতুত ভয়ংকৰ দুৰ্ঘটনা

গুৱাহাটী মহানগৰীত নিশা ভয়ংকৰ দুৰ্ঘটনা ঘটে। চাৰিচকীয়া বাহন এখনে চানমাৰি উৰণ সেতুৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰে। বাহনখনে খুন্দা মাৰি ডিভাইডাৰ ভাঙি বাগৰি পৰে। এই দুৰ্ঘটনাত বাহনৰ ভিতৰত থকা দুই ভাতৃ গুৰুতৰভাৱে আহত হয়।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বাহনখন পোন কৰে। তেজেৰে তুমৰলি বাহনখনৰ পৰা কোনোমতে দুই আৰোহীক উদ্ধাৰ কৰা হয়। আহত দুই ভাতৃক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হয়। অৱশ্যে, আহত দুয়োৰে পৰিচয় বৰ্তমানলৈ জানিব পৰা হোৱা নাই। এই পথ দুৰ্ঘটনাৰ পিছত চানমাৰি উৰণ সেতুত যাতায়াত ব্যৱস্থা বহুসময় ধৰি বন্ধ হৈ পৰে।

Exit mobile version